ভেনি ভিদি ভিচি-অণুগল্প~চুমিন্দ্ৰ চৌধুৰী

Rinku Rajowar
0
ৰাষ্ট্ৰপতিৰ পৰা মানৱ-বন্ধু খিতাপৰ ক্ষ্মাৰকখন গ্ৰহণ কৰি সত্যবানৰ সাতচল্লিচ খ্ৰী:পূৰ্বত জুলিয়াছ চিজাৰে জেলা সমৰ জিকি কোৱা 'ভেনি ভিদি ভিচি' বাক্যাংশ মনত পৰিল ৷
     হৰেণ মাষ্টৰে সম্বন্ধীয় আৰু চিনাকী শুভাকাংক্ষীৰ দুৱাৰে দুৱাৰে গৈ সহায় বিচাৰি ল'ৰা সত্যৱানক ডাক্তৰ পঢ়ুৱালে ৷ পাছত নগৰৰ আঢ্যৱন্ত শহুৰেকে সহজে ধন ঘটাৰ প্ৰলোভন দি সত্যবানক ঘৰজোঁৱাই সজোৱাৰ গোপন অভিপ্ৰায়েৰে চহৰতে নাৰ্চিংহোম খুলি দিব বিচাৰিলে ৷ 
    পাছে শহুৰৰ প্ৰবল আপত্তিকো প্ৰত্যাখ্যান কৰি সত্যবানে নিজৰ দুখীয়া গাঁওখনতহে মানৱ সেৱা কেন্দ্ৰ নাৰ্ছিং হোম খুলিলে ৷ তাৰ পিছতো সি থমকি নৰ'ল ৷ এখন এখনকৈ প্ৰায় কুৰিখন ভিতৰুৱা গাঁৱত মানৱ সেৱা কেন্দ্ৰ পাতি দেশৰ  সৰ্বোচ্চ মানৱ-বন্ধু খিতাপ সন্মান লাভ কৰি আজি সি গদ্ গদ্ হৈ পৰিল ৷ ৷ তাৰ যেন জন্ম সাৰ্থক হ''ল ৷ পৃথিৱীলৈ মানুহ হৈ আহি, মানুহৰ বেদনা দেখি  এদিন মানুহৰ হৃদয়বোৰো জয় কৰি পেলালে ৷ সেই কাৰণেই তাৰ মনত পৰি গল ভেনি ভিদি ভিচি ( আহিলো, দেখিলো আৰু জয় কৰিলো)।

🖋️চুমিন্দ্ৰ চৌধুৰী, নতুন দিল্লী 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)