যন্ত্ৰৰ বেদনা-চুমিন্দ্ৰ চৌধুৰী

©Admin
0


১৷ আব্দুল মেকানিকে পুৰণা মেচিনটোত বহুৱাই যোৱা চাৰি চিলিণ্ডাৰৰ কিৰলোস্কাৰ ইন্জিনটোৱে গ্ৰীজ মবিলেৰে লেতেৰা পৰিৱেশটোত উকমুকনি অনুভৱ কৰিলে ৷ বিক্রী নোযোৱালৈকেহে তাহাঁতক সুন্দৰ বাকছত পেকিং কৰি পৰিস্কাৰ ষ্ট'ৰ ৰুমত আদৰ - সাদৰকৈ  ৰখা হয়৷ কিন্তু  বিক্ৰীৰ পাছত তাহাঁত কেতিয়াবা যদি গেৰেজৰ পৰিত্যক্ত কোণত পৰি ৰই কেতিয়াবা আকৌ মুক্ত আকাশৰ তলত ৷  আব্দুল মেকানিকহঁতৰো একেই বেথা ৷ মালিকবোৰে তাহাঁতক মেচিন থিক কৰিবলৈ চাহপানী খুৱাই খাতিৰ কৰি লৈ আনিব ঠিকেই কিন্তু মেছিন ঠিক হৈ যোৱাৰ পাছত পাৰিশ্ৰমিক দিয়াৰ সময়ত কেৰজেৰ লগায় ৷ মেচিন ঠিক হোৱাৰ পাছত ৰাস্তাই পথে লগ পালেও অচিনাকী ভাও ধৰে ৷
আচলতে স্বাৰ্থপৰবোৰৰ কাৰণে জীৱ আৰু যন্ত্ৰ সকলো একে ৷ নিজৰ কাৰ্য্যসিদ্ধিৰ লগতেই মতলব ৷

2 )  
              মাটি কটা পকলেইন       এক্সাভেটৰ মেচিনটোৰ ২৭৫ অশ্বশক্তিৰ ইন্জিনটোৱে অপাৰেটৰ ৰামজনম আৰু মালিক সতনাম আগৰৱালাৰ কথা কাণ উনাই শুনিব চেষ্টা কৰিলে ৷
 কম্প্ৰেচন ৰিং বহি যোৱাৰ কাৰণে পূৰণি ইঞ্জিনটোৰ জোৰ শক্তি কমি গৈছে ৷ ৰামজনমে ইঞ্জিনটো মেৰামতি কৰি দিবলৈ  কানচোৱাত সতনামে তাক খেচখেচাই উঠিল ৷ কাম কৰিব ইচ্ছা নাই বাবে অজুহাত দেখুৱা বুলি সতনামে তাক চুই কিলাবলৈহে বাকি থাকিল ৷
কৃপনৰ কাৰণে  বৌদ্ধিক,  মানসিক আৰু শাৰীৰিক প্ৰয়োজনীয়তাৰ নামত ধন খৰচ কৰাটো অৰ্থহীন ৷ তেওঁলোকৰ কাৰণে জীৱনৰ একমাত্র উদ্দেশ্যটোৱেই হ'ল ধন আৰ্জন ৷

৩ ৷      
          আজি সন্ধিয়াৰ পৰা পি ডাব্লিউ ডি অফিছৰ আওপুৰণি ৰোড ৰোলাৰখনৰ এয়াৰকুল কামিন্স ইন্জিনটোৰ  মনটো ভাল নহয় ৷  
  প্ৰায় বিছ বছৰ ধৰি মাষ্টাৰৰোলত তাৰ ড্ৰাইভাৰী কৰি থকা হৰেনে আজি গধূলি কৰা কামটোৱে তাক আশ্বস্ত  কৰি তুলিছে ৷ হৰেন এজন সৎ আৰু কৰ্ম পৰায়ন লোক বুলি সকলোৰে পৰিচিত ৷ সেই হৰেনে যে তেনে কাম কৰিব পাৰে সেইটোহে আচৰিত কথা ৷ 
পাছে পিছদিনাখন হৰেন আৰু পিয়ন গোলাপৰ কথা - বতৰাৰ পৰা গম পোৱা গ'ল যে যোৱা তিনিমাহ ধৰি  মাষ্টাৰৰোলৰ কৰ্মচাৰীবোৰৰ দৰমহাই হোৱা নাই ৷ কালি সন্ধিয়া বোলে ল'ৰা-ছোৱালী দুটাৰ পেটৰ জুই নুমুৱাবলৈহে সি ৰোলাৰ খনৰ ফুৱেল টেংকৰ পৰা অলপমান ডিজেল উলিয়াই নিলে ৷
      আচলতে মানুহ পৰিস্থিতিৰ দাস ৷ কথাতেই কয় বোলে- হস্তীৰো পিছলে পাও সজ্জনৰো বুৰে নাও।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)