প্ৰেম-ৰাজদ্বীপ শইকীয়া


মই আকৌ এবাৰ প্ৰেমত পৰিছোঁ
নাজানো কাৰ প্ৰেমত পৰিছোঁ
মাথোঁ এটাই জানো 
তাইৰ মিঠা হাঁহিটো
তাইৰ ৰঙা ওঁঠ জুৰিয়ে
যেতিয়া হাঁহে 
মোৰ মনটো কিবা ৰাই-জাই কৰে
কিয় পৰিলোঁ জানো প্ৰেমত
নাজানো মই
তাই যেতিয়া কাষেদি 
পাৰ হৈ যায় শীতল 
বতাহ এজাক গাত লাগি 
 মনটো কিবা যেন জুৰ পৰি যায়
মই আকৌ এবাৰ প্ৰেমত পৰিছোঁ।

✍️ৰাজদ্বীপ শইকীয়া


Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send