ৰখীয়া-হেমেন হাজৰিকা

    শিয়াল ৰখীয়া হ'ল
    হাঁহৰ গড়াল
    উদ থাকিল
    ভেটাৰ কাষত  ||

    মাছেই কমিল নে
    হাঁহৰ সংখ্যাই বাঢ়িল
    তহবিল নিমিলা হ'ল  ||

    আদা আৰু কেতুৰী
    সনা পিঠা বান্ধৈ
    ইটোক নাপালে
    সিটোকে খা  ||
 
    ভেকুঁলীৰ পিঠিত
    নোম গজিল কি নগজিল
    মেঘৰ ঘৈণীয়েকৰ
    মুৰৰ বিষ উঠিল  ||

    চিৰাল ফটা পথাৰৰ
    পানীৰ কথা
    মেঘে জানো তত্ কালে 
    ভাৱিব  ||

    

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send