আছে নে নাই
মই নাজানো ৷
সেই যে নিৰ্জন ঠাইৰ
আঁহত গছজোপাৰ তলত,
তুমি আৰু মই বহি কথা পাতিছিলোঁ।
সুখ দুখৰ কথা বতৰা,
আলোচনা কৰিছিলোঁ।
মই এদিন তোমাক শুধিছিলোঁ,
তুমি মোক কিমান ভাৱপোৱা?
তুমি কৈছিলা,''সাগৰৰ পানীৰ গভীৰতা যিমান,তোমাকো ভাল পাওঁ সিমান"
আৰু প্ৰশ্ন কৰিছিলোঁ?
"তুমি মোক এৰি যাবা নেকি বুলি?"
তুমি কৈছিলা," এ তুমি যে কথা কোৱা।
মই তোমাক আজীৱন ভালপায় থাকিম,
সদায় তোমাৰ লগত থাকিম।
এতিয়া সেই কথাবোৰে
বৰকৈ মনত পৰে।
কথাবোৰ ভাবি ভাবি
হিয়াখন কঁপি উঠে।
এতিয়া মোক তুমি এৰি গুচি গলা,এই পৃথিৱীৰ পৰা।
যেনেকৈ চিলা উৰুবাৱ পাৰি সূতা লগাই ,
ডাৱৰ মাতিব পাৰি বৰষুণৰ অজুহাতত ।
তোমাক মই পাহৰিছোঁ
আনৰ অজুহাতত।
ইতি----তোমাৰ সাগৰনীলিম।
🖋️ৰিতুপন গোস্বামী।
ডিব্ৰুগড়(জয়পুৰ,টিপাম)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ