গ্ৰীটিংছ কাৰ্ড আৰু অনুভৱ~অনুভৱ-নিজৰা বৰ্মন ডেকা

©Admin
0
তেজাল সময়ৰ বোকোচাত উঠি পাৰ হৈ গ'ল এটি বৰ্ষ । গছে কুঁহিপাত সলোৱাৰ দৰে  পুৰণিক বিদায় দি আমি নতুনক আদৰি ললো । প্ৰথম দিনটোত বহুতো বন্ধু -বান্ধৱী ৰ পৰা নৱবৰ্ষৰ শুভেচ্ছা পাইছিলো   । বহুটো কে শুভেচ্ছা জ্ঞাপন কৰিছিলো  । আগৰ কথা মনত পৰি মন নষ্টালজিয়া হৈ পৰে । কিয়নো আমি পঢ়ি থকা সময়ত  বুকুৰ ৰামধেনু আৰু আধৰুৱা কথাবোৰ শব্দৰে মালাগাঠি উকাকাগজৰ ভাজত নীলা চিয়াহীৰে লিখা মৰম আৰু শুভেচ্ছা বোৰ  বন্ধু -বান্ধৱীৰ মাজত আদান প্ৰদান হৈছিল । একোখন গ্ৰীটিংছ কাৰ্ডৰে বন্ধু বান্ধৱী লৈ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰো । ব্যাপক আয়োজনেৰে ইংৰাজী নৱবৰ্ষক স্বাগতম জনাওঁ ।নতুন বৰ্ষত নতুন কিবা কৰাৰ পৰিকল্পনা কৰো ।  পলকতে পাৰ হৈ যোৱা বৰ্ষটোৰ বহুতো ক্ষণ হয়তো আমাৰ বাবে হৈ পৰিছিল নষ্টালজিয়া । বিগত বছৰৰ বহুতো ইতিবাচক আৰু   নেতিবাচক ঘটনাই আমাৰ জীৱনক প্ৰভাৱান্বিত কৰি তোলে  । সুখ-দুখ হৈছে জীৱনৰ সহচৰ । সেয়েহে নেতিবাচক ঘটনাবোৰ আঁতৰাই থৈ  সম্মুখত আহি থকা এটি  নতুন বছৰৰ নতুন সূৰুযক আদৰি ল'বলৈ গ্ৰীটিংছ কাৰ্ডবোৰ ৰ জৰিয়তে  বাৰ্তা প্ৰেৰণ কৰা হৈছিল ।আমি পঢ়া সময়ত  আজি কালিৰ দৰে ডিজিটেল মাধ্যমৰ প্ৰয়োগ নাছিল । গতিকে বজাৰৰ পৰা ধুনীয়া ধুনীয়া গ্ৰীটিংছ কাৰ্ড কিনি আনি একোটা স্তৱকেৰে ইজনে সিজনক উষ্ম আদৰণি জনাইছিলো । ইয়াৰ মাদকতা বৰ্তমানৰ ফেচবুক, হোৱাটচ্আপ, ইনষ্টাগ্ৰাম আদিত পোৱা নাযায় । শীতৰ শেতেলী গুচাই পদুলীত ডাকোৱালে দিবলৈ অহা গ্ৰীটিংছ কাৰ্ডৰ অপেক্ষাত ক'ত ডেকা গাভৰুৱে নিৰিবিলি সময় পাৰ কৰিছিল । আজি কালি সেইবোৰ কথা সপোন যেন হ'ল । আমি যানো যে জীৱশ্ৰেষ্ঠ মানুহৰ ক্ৰমে ক্ৰমে উত্তৰণ ঘটিবলৈ ধৰিছে । তথাপিও আমি কিছু ভাল লগা পৰম্পৰা ধৰি ৰাখিব পাৰিলে ভৱিষ্যত প্ৰজন্মই ইয়াৰ মাহাত্ম্য উপলব্ধি কৰিব ।

✍️নিজৰা বৰ্মন ডেকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)