অতীতৰ ভোগালীক সোঁৱৰী অনুভৱৰ একলম~অনুভৱ-ললিতা হাজৰিকা

©Admin
0
মাঘ ঐ মাঘ গছৰ গুটি লাগ । মাঘৰ উৰুকা দিনা গাঁওৰ প্ৰতিঘৰ মানুহৰ বাৰীত থকা ফলমূলৰ গছ-গছনিবোৰ বাঁহৰ টঙালেৰে বা নৰা খেৰেৰে বান্ধি মাঘ ঐ মাঘ গছৰ গুটি লাগ বুলি কয় । এই নিয়মটি কৰিলে ফলমূল ভৰপূৰ হৈ লাগে  বুলি জনবিশ্বাস আছে । গাঁও অনুসৰি নিয়মবোৰ বেলেগ ও  হ'ব পাৰে । 
      
        অতীতৰ ভোগালী অতুলনীয় আছিল । চিৰা-সান্দহকে আদি কৰি সকলো ঘৰতে বনোৱা হয় । আগতে কিছুমান গাওঁত  পুহ মাহৰ দহ পোন্ধৰদিনলৈকে ধান খেতি থাকে । ঘৰৰ ঘৰনীৰ আহৰি নোহোৱা হয় । ইফালে খেতি চপাব লাগে , সিফালে ভোগালী আহি পদূলিমুখ পাওঁ পাওঁ । খেতি শেষ কৰিয়ে ঘৰৰ গৃহিনী বিলাকে বিহুৰ জলপানৰ জা-জোগাৰত ব্যস্ত হৈ পৰে । আহৰিও নাই, গাত ভাগৰো নাই যেন পাওঁ । ঘৰে ঘৰে ঢেঁকীৰ মাত । কাৰ কিমান যোগাৰ হ'ল লগ পালেই ইজনীয়ে সিজনীক সোধ-পোছ ও কৰে । প্ৰায়বিলাক ঘৰতে খীৰঁতী গাই আছিল , গতিকে গাখীৰৰ অভাৱ নাছিল । যি ঘৰত নাই ওচৰৰ ঘৰে বিনামূলীয়া গাখীৰ দি আন্তৰিকতাৰ ডোল নিকটকটীয়া কৰে । ঘৰৰ বাৰীৰ আলু-কচু , হাঁহ , মাহ সকলো ঘৰৰ । তেল, নিমহ আৰু চেনিহে দোকানৰ । আমাৰ ল'ৰাই সেই প্ৰকৃত নিৰ্ভেজাল ভোগালী দেখিকে নাপালে । ক'ত হেৰাল সেই সোণালী সু দিন ! 
       
        আৰু এতিয়াৰ ভোগালী ? ধানকল, পিঠাকল অহাৰ পৰা গাওঁত ঢেঁকী পাবলৈ নাই । খুব কম । পাৱাৰ টিলাৰ ট্ৰেক্টৰ আহিল , খেতিয়কে গৰু পুহিবলৈ এৰিলে । গাঁৱত গাখীৰ পাবলৈ নোহোৱা হ'ল । গাঁও অঞ্চলৰ অজিৰ আধুনিক যুগৰ সাধাৰণ ঘৰৰ  এগৰাকী মাতৃয়ে ঘৰৰ ঢেঁকিত খুন্দা চিৰাপিঠা আৰু পিতৃয়ে ঘৰৰ গাইজনীয়ে দিয়া ডাঠ গাখীৰৰ সৈতে এবাটি জলপান সন্তানক খাবলৈ দিব পৰা নাই । কাৰণ পিতৃ-মাতৃ সামৰ্থবান নহয় । বিৱৰ্তন ।  চহৰৰ বজাৰত আকৌ ভোগালীৰ জলপান উভৈনদী । কিন্তু সেই জলপান কিনি খাবলৈ সামৰ্থবান সকলৰ বাবেহে সম্ভৱ |
      গায়কৰ ভাষাৰে........
          এইখন আকাশৰ তলতে         
          কাৰোবাৰ ঘৰত খাবলৈ নাই
          কাৰোবাৰ ঘৰত পেলনী যায়....!

✍ললিতা হাজৰিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)