সত্যৰ প্ৰতিষ্ঠা-কবিতা~স্বস্তিকা শইকীয়া

Rinku Rajowar
0
সংকীৰ্ণতা মনৰ পোছাকযোৰ খুলি থোৱা ,
কি আছে সেই পোছাকত ? 
কেৱল হিংসা-বিদ্বেষ-ষড়যন্ত্ৰ
বংশৰ তেজেৰে ৰাঙলী কৰা ই এক অপ্ৰীতিকৰ মায়া।
মূৰ দাঙি সত্যক প্ৰতিষ্ঠা কৰা,
শান্তিৰ পোছাকযোৰ মেৰিয়াই চোৱা,
গধুৰ বোজাৰ সাম কাটিব, সৰলতাই ভুমুকি মাৰিব।
দৈহিক বিকলংগই জানো জীৱন সৃষ্টিত বাধা জন্মায়?
মানসিক বিকলংগৰহে কোনো সৃষ্টি নাথাকে।
ই শূণ্য, ই কেৱল মানৱক উত্তেজিত কৰে,
প্ৰৰোচিত কৰে লোভ, মোহ, মায়াৰ দিশেৰে,
শান্তিক বিঘ্নিত কৰে। 
তেনেক্ষেত্ৰত মানসিক বিকলাংগৰ তালিকাত 
তুমি মইয়ো অন্তৰ্ভুক্ত নেকি? 
যদি নহয় আজিলৈকে কিমানক ন্যায় প্ৰদান কৰিছা?
আপোনজনৰ বাহিৰে দৰিদ্ৰতাত ভোকাতুৰে মৃত্যু হোৱা ,
কিমানৰ চিতাৰ জুইৰ কাষত বহি ওৰে ৰাতি কান্দিছা? 
হাজাৰ হাজাৰ তনয়া ধৰ্ষিতা হওঁতে 
কিয় নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰিছা? 
প্ৰত্যুত্তৰত আগবঢ়াই দিয়ে অভিনয়ৰ পোছাকেৰে সু-সজ্জিত এখনি মুখ, যেন একোৱেই নাজানে ! 
নোৱাৰিনে পৰিহাৰ কৰিব স্বার্থপৰতাক?
অনুশোচনাত যদি আজি তুমি দগ্ধ,
সত্যৰ অস্ত্ৰপাত তুলি ধৰা, আগুৱাই আহা, 
জীৱনটোক সত্যৰ দ্বাৰা প্ৰতিষ্ঠা কৰা।।

🖋️স্বস্তিকা শইকীয়া 
ঠিকনা:- গোলাঘাট ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)