"নাই সোণটো ,আজি আনিবলৈ সময় নহ'ল ।কালি মাংস আনিম দিয়া ।আজি নিমখ তেলকে খোৱা ।"
"নাখাওঁ মই ভাত ।"
সি দৌৰি গৈ বিচনাত শুই দিলে ।মাকে উকা চাদৰৰ আঁচলত চকুলো মচিলে আৰু মনত পৰিল এদিন আপোন ঘৰখনে শাখিনী বুলি একাষৰীয়া কৰিছিল। তেতিয়াৰ পৰাই জীৱন সংগ্ৰামৰ বাবে আনৰ ঘৰত কাম কৰি পেট মোকোলাইছিল ।কিন্তু কষ্টৰ বিনিময়ত অৰ্জন কৰা টকাৰে পুত্ৰক মাংস এসাজ খুুৱাবলৈ অপাৰগ তাই।সেইদিনা সম্ভ্ৰান্ত পৰিয়ালৰ মালিকে দিয়া এটা প্ৰস্তাৱে আজি তাইৰ মনত তোলপাৰ লগাবলৈ ধৰিলে ।হঠাৎ মনতে সিদ্ধান্ত ল'লে যে মাংসৰ বাবে কাইলৈ বনৰ হৰিণী হৈ নিজেই বাঘৰ আগত পৰিব ।
🖊️ৰিতু মণি কলিতা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ