ৰাতি বাৰ বাজিল তথাপি মোৰ টোপনি অহা নাই জয়া , গুৱাহাটীলৈ যোৱা সেই কষ্টদায়ক যাত্ৰাই আকৌ যোৱাৰ হেঁপাহকণ হৰিলে জানা । যাবৰ সময়ত যে কিমান আনন্দ লাগিছিল অৱশ্যে অলপ ভয়ো নোখোৱা নহয় -মানুহজনক লগত লৈ যাম হয় পিছে কোনোবাই ধেমালিতে যদি মোক কিবা কয় তেওঁ জানো সহজভাৱে ল'ব ।পৰীয়ে জয়াক কৈ গ'ল ।
পিছে সেয়ে হ'ল বোলে "য'তে বাঘৰ ভয় তাতে ৰাতিও হয়" । সময় বাগৰিল - বহু আনন্দৰ মুহুৰ্ত পাৰ হৈ গ'ল , জীৱনৰ এটি সপোন বাস্তৱত পৰিণত হ'ল পৰীৰ। তাই আজি বৰ সুখী । পৰীয়ে কৈ গ'ল- - -
কিমান বাধা থকা স্তত্বেও মই আজি এখন নিজে লিখা পুথি হাতত তুলি ল'লো ইয়াতকৈ আনন্দ আৰুনো কি হ'ব পাৰে মোৰ বাবে ।
এইবোৰকে ভাবি আছো জানা !
পিছদিনা পৰীয়ে আবলি মানুহজনক ওলাই যোৱা দেখিছিল সেয়ে অলপ ভয় খাই আছিল কিজানিবা মানুহজনে গুৱাহাটিলৈ যোৱা কথাক লৈ কিবা দুখ খোচৰে ।সন্ধিয়া নামি আন্ধাৰ হ'ল। পৰীয়ে দৈনন্দিন কামবিলাক কৰিয়ে আছে । তেনেতে স্বামীয়ে মদৰ ৰাগীত মাতাল হৈ সোমাই আহিল ।ভালদৰে ভৰি-হাত নোধোৱাকৈ ভাত বিচাৰিলে ।তাই ঠাণ্ডা ভাতকে গৰম কৰি মাছৰ সৈত বাঢ়ি দিলে ।
মানুহজনৰ মুখলৈ চাই দেখিলে তেওঁ বলকিবলৈ আৰম্ভ কৰিছে যিমানে খাইছে সিমানে খং উঠিছে আৰু পৰীক গুৱাহাটীলৈ যোৱাৰ বাবে কটু বাক্য শুনাইছে । তাই মাত মতা নাই তথাপি সি দোষ খুচৰি গৈ আছে ।
ভাত খাই শেষ কৰি তাইলৈ চোচা ল'লে চুলিত ধৰি বগৰাই দিলে , চেণ্ডেল পাতে মাৰিছে । তাই তাক শুৱাই থ'বলৈ টানি নিছে। নাই, একো নামানে অৱশেষত তাই লিখা কিতাপখনৰ ওপৰত চকু পৰিল আৰু লগে লগে জুইত জাপি ছাই-লৈ পৰিৱৰ্তন কৰালে । তাইৰ হৃদয়খনে উচুপি উঠিল অজানিতে-অলক্ষিতে , মনে মনে ক'লে কোনোবাই প্ৰেমৰ বাবে হৃদয়ত তাজমহল সাজে আন কোনোবাই পত্নীৰ দেহটোক নহ'লেও মনটোক চেপি চেপি হত্যা কৰে ।
পৰীয়ে চকুপানী মচি মচি আকৌ জয়াৰ বিচনাৰ কাষ পালেগৈ , জয়াও নিমাতে ৰ'ল।
✍️ৰুমী কলিতা দত্ত
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ