এই সংগ্ৰাম আমাৰ ন্যায়ৰ সংগ্ৰাম
আমাৰ অস্তিত্ব ও সততাৰ সংগ্ৰাম
শ্বহীদৰ কেঁচা তেজৰ সংগ্ৰাম
আমি কিমান সহিম দুখ আৰু লাঞ্ছনা
আমি কিমান অসমীয়াই জীৱন আৰু তেজ দিম
হাজাৰ হাজাৰ বীৰ শ্বহীদৰ তেজৰ বিনিময়ত
আমি পাইছো ভাতৃত্ব আৰু স্বাধীনতা।।
আমি অসমীয়াই দুখ আৰু লাঞ্ছনা সহিব নোৱাৰি
আজি গঢ়ি উঠিছে আমাৰ এই মহা-সংগ্ৰাম
জাগক অসমৰ জন-গণ
এলাহ এৰি আগবাঢ়ি যাওঁক
সত্য অহিংসাৰ পতাকা উৰুৱাই
হিংসাৰ জুই নুমুৱাই যাওঁক
দূৰ্নীতিমুক্ত অসম গঢ়াৰ বাবে
অসমীয়াৰ শান্তি আৰু স্বাধীনতাৰ বাবে
আজি সৃষ্টি হৈছে মহা-সংগ্ৰাম
এই সংগ্ৰাম।।
ধন্যবাদ সম্পাদনা সমিতি লৈ।
ReplyDeleteধন্যবাদ সম্পাদনা সমিতি লৈ।
ReplyDelete