ফাগুন বিদায়~কবিতা-ধনজিত কলিতা

©Admin
0
মদাৰ ফুলা দিন বোৰত 
   চঞ্চল ফাগুনে 
বতাহত উৰি থকা তাইৰ দীঘল চুলিৰ
      বতৰা দি যায় হৃদয়ত ।

  সৰা পাতত কবিতা লিখি 
            প্ৰেমৰ বতৰা 
      ফাগুনৰ ঠিকনা ত পঠিয়াও ।

দুগালত ৰং আঁকি ফাগুনে 
      গোপনে দি যায় তাইৰ
হৃদয়ৰ বতৰা বৰষুণৰ টোপে টোপে ।

নৈ পাৰত ডুবু ডুবু বেলিৰ পোহৰত 
        মোৰ  দুহাতত ধৰি
ফাগুনে বিষাদৰ কথা বোৰ
     অভিমানী চকুলোৰে কৈ যায় 

আকৌ ঘূৰি অহাৰ কথাৰে 
     উদাস উদাৰ ভগ্ন হৃদয় শুকাই 
        ফাগুন গুচি যায় ।


✍ধনজিত কলিতা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)