শুভাকাংক্ষী~কবিতা-প্ৰণৱ চক্ৰৱৰ্তী

©Admin
0

তই খোজ দিয়া বাট
ভুল বুলি জানিয়ে
কোনোবাই ওভতাই আনে,
কঠিন চকুহাল তোৰ
অচিনাকি বুলি জানিও
কোনোবাই তোৰ চকুত চকু ৰাখে ৷
সত্যবোৰ সন্মুখত থাকে
অথচ অসত্যৰ মায়াত বন্দী তই,
জীৱনৰ সৰল অংকবোৰ 
জটিল কৰাত অভ্যস্ত তই ৷
তোৰ বৰ্তমানৰ বাটেদি
ভৱিষ্যত নেদেখি কোনোবাই
অহৰহ চকু ৰাখে তোৰ ওপৰত,
তোৰ প্ৰিয় হোৱাৰ হাবিয়াস
তেওঁৰ নাই,
তেওঁৰ নীৰৱ সংগ্ৰাম
তোক জীয়াই ৰখা...৷

✍প্ৰণৱ চক্ৰৱৰ্তী, নলবাৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)