আবু-জহিৰ~কবিতা-ইমাম হুচেইন

©Admin
0

কম্পিত অন্তৰৰ
নেদেখা বিননি,
জগত আজি
আবু-জহিৰ বিহীন
নীলা মৰুভূমি।

সিদিনাখন সূৰ্য্য ৰঙীন হ'ল
কবিতাৰ কিতাপ হাতত লৈ,
আবেলিৰ সময়ত
বেজাৰ মনেৰে পঢ়ি আছিলোঁ।

হঠাৎ ভ্ৰাম্যভাষ বাজি উঠিল
পঢ়াৰ ধ্যান ভংগ হ'ল,
বাৰ্তা পালো আবু দা হেনো
আমাক এৰি গুছি গ'ল।

নক্ষত্ৰ তুমি
আমাক এৰি,
কিয় গ'লাগৈ গুছি।

অন্তৰে নামানে
বুকুখন ধ্প ধ্প কৰিবলৈ
আৰম্ভ কৰিলে,
দুচকীয়া বাহনখন লৈ
আবু দাৰ ঘৰলৈ গ'লো,
কাষতে বহি অন্তিম বাৰৰ বাবে
নক্ষত্ৰৰ মুখখন চালোঁ।

দুনয়নেৰে অশ্ৰু বৈছে
বাৰে বাৰে অজ্ঞান হৈছোঁ,
মনে নামানে
আবু দা আমাক এৰি
ক'লৈ গৈছে।

আজিও অবুজ মন
মনত পৰিলেই,
চকুৰ জলেৰে যেন সাগৰ হ'ব।

আবু দাৰ সেই কথাষাৰ
কাণত বৰকৈ শব্দ কৰে,
চিকিৎসাৰ বিষয় লৈ পঢ়
ভাই মোৰ চিকিৎসক হ্।

৩৮দিন পাছত
দুপৰীয়া ভাত খাই আছিলোঁ
হঠাৎ কোনোবাজনে চিঞৰিছে,
জহিৰ দা হেনো এন্তেকাল হৈছে।

মালিকৰ নিৰ্দেশ
কোনেনো পাহৰে।

বৰ মৰ্মান্তিক সময়
নিষ্ঠুৰ বিধাতাৰ লিখন,
অস্থিৰ মন
দুৰ্বল শৰীৰ,
অজ্ঞান হৈ পৰিলোঁ
চিৰ দিনৰ বাবে,
আবু-জহিৰ দাক হেৰুৱালোঁ।

বেলিটি মাৰ গ'ল
জহিৰ দাক ঘৰলৈ আনিলে
মই আমাৰ ঘৰতে শুই আছিলোঁ,

সন্ধিয়া কাছিম দাই বুজালে
কব্বৰৰ হাদ্লাৰ বাবে
বাঁহ জোপা কাটিলোঁ,
হাচমত-কুতুবুদ্দিনে কব্বৰ খান্দিলে
মই নাৰভাচ্ নহৈ হাতে-কামে
সকলোকে সহায় কৰিলোঁ।

ঈদগাহ ময়দানত
জানাজাৰ নামাজৰ বাবে,
লোকেলোকাৰণ্য হ'ল।
অন্তিম বাৰৰ বাবে,
জহিৰ দাৰ মুখখন চালোঁ।

নিয়তিৰ খেলা
মানিবই লাগিব,
মানিলোঁ!
মানৱ জীৱনৰ মিলন ভূমিত
এখন দুৰ্ভেদ্য প্ৰাচীৰ,
নাই নাই এইখন জগতত
দাদা মোৰ আবু-জহিৰ।

  ✍ইমাম হুছেইন

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)