চিৰযুগমীয়া স্মৃতিৰ আৰত তুমি-কবিতা~কংকনা ডেকা

Rinku Rajowar
0
মোৰ বাবে হৈ ৰলা তুমি চিৰযুগমীয়া
হৃদয়ৰ হাজাৰ জন শ্ৰোতাৰ হাহাকাৰ,
হাজাৰ হাজাৰ শ্ৰোতাৰ বিননি,
কিমানজনৰ যে তোমাৰ বাবে
          আল্লাৰ ওচৰত দোৱা।।
নাই নাই
            তোমাৰ সেইবোৰ শুনাৰ ধৈৰ্য ক'ত??
তুমিতো মাথোঁ এটি নিথৰ দেহ হৈ
আগচোতালৰ দূৱৰী বনৰ ওপৰত
পৃথিৱীৰ মায়া- মোহ ত্যাগ কৰি
শুভ্ৰ বগা কাপোৰৰ  আৰৰ পৰাই
সকলো প্ৰত্যক্ষ কৰিলা।।
        তোমাৰ নিথৰ দেহৰ ওপৰত
ভাৰতীয় জাতীয় পতাকা খনৰ এক আৱৰন
  তোমাৰ গৰ্ব অহংকাৰ কি জানা?
  তুমি এজন সেনা - জোৱান___
              কিন্তু মোৰ বাবে তো তুমিয়েই সকলো আছিলা!!
         পাৰিম জানো মই তুমি অবিহনে
 সময়ৰ বোৱতী সোতত
খোজৰ লগত খোজ মিলাব???
                  
                   🖋️ কংকনা ডেকা
                   তৃতীয় ষাম্নাসিক
          কামৰূপ মহাবিদ্যালয়,চামতা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)