জেল-ৰফিকউদ্দিন

©Admin
0
পথাৰ আজি উকা
গৰাকীবিহীন
বানপানীৰ প্ৰৱল সোঁতত
ভাঁহি উঠিল সেউজী ধাননি 
গ'ল গৰাকীও !

ৰজাই আকাশী যানত উঠি
দেখে প্ৰজাৰ দুৰ্গতি 
দুই এখন ফটো তুলি
প্ৰেছ মেলত আৱেগিক ভাষণ।

কৃষকৰ হাত কপালত 
ভোক পিয়াহৰ যন্ত্ৰণাত
সবে মিলি কৰে ধৰ্মঘট 
ৰজাৰ সৈন্যৰ লাঠিৰ কোব
কৃষকৰ পিঠিত 
কাৰাগাৰত ভৰাই খেলে
যোগ বিয়োগৰ খেল
পাতিব নিদিয়ে ৰাইজৰ মেল
প্ৰতিবাদ কৰিলেই জে'ল।

✍️ৰফিকউদ্দিন

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)