গল্প~প্ৰতিজ্ঞা-তৃষ্ণা বৰা

©Admin
0
উচ্ছ ন্যায়লয়ৰ ৰায়দান... " আজিৰ পৰা প্ৰায় বত্ৰিছ বছৰৰ আগতে ঘৰৰ বনকৰা মহিলাৰ ছোৱালী শেৱালি দত্তক ধৰ্ষণ কৰি মানসিক অত্যাচাৰ কৰি হত্যা কৰাৰ অপৰাধত ৰমেন বৰাক ফাঁচী ঘোষণা কৰা হৈছে l"

গাঁওখনৰ সকলো মানুহ অাজি টিভিৰ সন্মুখত বোন্দা়পৰ দি বহি আছে l কাৰণ অাজি সেইখন গাঁৱৰে এসময়ৰ আটাইতকৈ চহকী মানুহ যাক দেখিলে সকলোৱে তল মূৰ কৰি কথা কয়... যাক কিবা এটা কবলৈ মানুহে ১০ বাৰ চিন্তা কৰে সেই মোহন মহাজনৰ পুতেক ৰমেন বৰাক  ৫৮ বছৰ বয়সত তেওঁ আজিৰ পৰা বত্ৰিছ বছৰৰ আগতে ঘৰৰ কামকৰা মহিলাৰ ১৬ বছৰীয়া জীয়েকক ধৰ্ষণ কৰি মানসিক অত্যাচাৰ কৰি হত্যা কৰাৰ অপৰাধত অাজি উচ্ছ ন্যায়ালয়ে তেওঁক ফাঁচী ঘোষণা কৰিছে l

বাতৰিটো প্ৰচাৰ হোৱাৰ লগে লগে গাঁওখনত হৈ - চৈ লাগি গ ল l ৰমেনৰ পৰিয়ালৰ লগতে সকলো মানুহ গৈ পুতলী বাইৰ ঘৰ পালেগৈ l ৰমেনৰ ঘৈণীয়েক আৰু পৰিয়ালৰ মানুহে পুতলী বাইৰ ঘৰৰ চোতালত পৰি চিঞৰি চিঞৰি কান্দি পুতলী বাইক এবাৰ দুৱাৰ খন খুলি দিবলৈ অনুৰোধ কৰিলে lপুতলী বাইয়ে তেতিয়া জীয়েকৰ ফটো খন বুকুত সাবটি লৈ কান্দি কান্দি টিভি তোৰ কাষতে থকা বিচনা খনতে পৰি বাতৰি চাই আছে l বাহিৰত সকলোৱে তেওঁক ইমানকৈ মতাৰ পাছতো তেওঁ এবাৰো ওলাই অহা নাই l ৰমেনৰ ঘৈণীয়েক আৰু জীয়েকে বৰকৈ চিঞৰি কান্দি কান্দি মতাত পুতলী বাই অতিষ্ঠ হৈ দুৱাৰ খন খুলি দিলে l দুৱাৰ খন খুলি দিয়াৰ লগে লগে ৰমেনৰ ঘৈণীয়েক আৰু জীয়েকে পুতলী বাইৰ ভৰিতে পৰি কান্দি কান্দি কাতৰ অনুৰোধ কৰিলে..... 
মাফ কৰি দিয়ক পুতলী বাই... অামি স্বীকাৰ কৰিছো তেখেত দোষী l তথাপিও এই বয়সত মানুহ জনক এইটো শাস্তি নিদিব l ভৰিত ধৰি ক্ষমা খুজিছো আপোনাক... তেওঁক ক্ষমা কৰি দিয়ক... আপোনাৰ লৰাক আপুনি এবাৰ কওঁক... সি আপোনাৰ কথা শুনিব... একমাত্ৰ  আপুনিহে তেওঁক এই শাস্তিৰ পৰা মুক্তি দিব পাৰিব l 

এনেকৈ বহুদেৰি চিঞৰি চিঞৰি কান্দি অনুৰোধ কৰাৰ পাছত পুতলী বাইয়ে হাতত লৈ থকা জীয়েকৰ ফটো খনলৈ থৰ লাগি চাই কলে... 
           মই মোৰ লৰাক কৈ দিম... তেওঁক এই শাস্তিৰ পৰা মুক্তি দিবলৈ কিন্ত মোক মোৰ ছোৱালী জনী মোৰ কাষলৈ আনি দিব লাগিব.... যদি সেইটো কৰি দিব পাৰে তেন্তে মই মোৰ লৰাক কৈ দিয়াত একো আপত্তি নাই বুলি কৈ পুতলী বাইয়ে ঘৰৰ দুৱাৰ খন মাৰি দিলে l

বকুল আৰু শেৱালি নামৰ এহাল ধুনীয়া লৰা ছোৱালীৰ সৈতে পুতলী বাই হঁতৰ এখন সুখৰ সংসাৰ আছিল l দুখীয়া হলেও মনৰ শান্তি আছিল পৰিয়ালটোত l গাওঁ খনৰ সকলো মানুহে সলাগে বকুল আৰু শেৱালিক l পঢ়াই - শুনাই, নাচে গানে সকলোতে পাৰ্গত সিহঁত দুটাl বকুলতো আজিলৈকে কোনোদিনে শ্ৰেণীত দ্বিতীয় হৈ পোৱাই নাই l দেউতাকে হাজিৰা কৰি হলেওঁ সিঁহতক অভাব নোপোৱাকৈ ডাঙৰ কৰিছে l পিছে সিহঁতৰ এই সূখ নিষ্ঠুৰ নিয়তিৰ সহ্য নহল l এদিন আঘোণ মহীয়া কুৱঁলীত বকুল আৰু শেৱালিৰ দেউতাক হাজিৰা কাম কৰি ঘৰলৈ আহি থাকোতে এখন তীব্ৰ বেগী ট্ৰাকে মহতিয়াই নিয়াত থিতাতে তেওঁৰ মৃত্যু হয় l তেতিয়া বকুলৰ বয়স ৯ বছৰ আৰু শেৱালিৰ বয়স আছিল ১৩ বছৰ l

দেউতাক ঢুকুৱাৰ পাছত পৰিয়ালটো চলিবলৈ একো উপাৰ্জ্জনৰ বাট নাইকিয়া হোৱাত উপায়হীন হৈ বকুলৰ মাক পুতলীয়ে সেই গাঁৱৰে মোহন মহাজনৰ ঘৰত কাম কৰিবলৈ ললে l এনেকৈ মোহন মহাজনৰ ঘৰত কাম কৰিয়েই লৰা ছোৱালী দুটাক পঢ়োৱাই শুনোৱাই যেনে তেনে ডাঙৰ কৰিছে l কেতিয়াবা পুতলী বাইৰ লগতে বকুল আৰু শেৱালিও যাই মহাজনৰ ঘৰলৈ l শেৱালীৰ ধুনীয়া দেহাটোৰ প্ৰতি মহাজনৰ ডাঙৰতো পুতেক ৰমেন আকৰ্ষিত হল l প্ৰায়ে সি পুতলী বাইক কয়... কামলৈ আহোঁতে শেৱালীকো লগত লৈ আনিবলৈ l পুতলী বাই অতি সহজ সৰল আজলী মহিলা l তেওঁ কাহানিও ৰমেনৰ এই কথাৰ আঁৰৰ ৰহস্য বুজিয়েই নাপালে l শেৱালিয়ে কিন্তু ৰমেনৰ এই অশ্লীল ইংগিত বুজি পালে l মাকে লগ ধৰিলেও লাহে লাহে শেৱালিয়ে কিবা বেলেগ কাম দেখুৱাই মহাজনৰ ঘৰলৈ যোৱা একেবাৰে কমাই দিলে l শেৱালিয়ে ৰমেনৰ অসাধু মনটোৰ কথা মাকক কম কম বুলি সাহসেই গোটাব নোৱাৰিলে l

এনেকৈ এদিন পুতলী বাইয়ে মহাজনৰ ঘৰৰ কামলৈ যাবলৈ লৰা লৰিকৈ ঘৰৰ কাম কৰোঁতে পুখুৰীৰ পৰা পানী আনিবলৈ যাওঁতে পিছল খাই পৰি হাত এখন ভাগিল l

পুতলী বাইৰ পৰাৰ খবৰ পাই ৰমেন আহি পুতলী বাইক ডাক্তৰ ওচৰত দেখাই ঘৰত থলেহি আৰু কলে...
পুতলী বাই এতিয়াতো আপুনি ভালকৈ হাত খন নোপোৱা লৈকে আমাৰ ঘৰলৈ কাম কৰিবলৈ যাব নোৱাৰিব l সেইকাৰণে মাজে মাজে শেৱালীকে পথাই দিব কামলৈ l
পুতলী বাইয়ে মূৰ দোঁৱাই কলে.... হব বোপাই...

কথাষাৰ শুনি শেৱালীৰ বুকুখন ঢিপিংকৈ মাৰিলে l কাকো বুজাব নোৱাৰা এক অবুজ শংকাই তাইক হেঁচা মাৰি ধৰিলে l তথাপিও মাঁক আৰু বকুলৰ মুখলৈ চাই তাই ভয়ে ভয়ে কামলৈ গল l প্ৰথম দুদিনমান কামলৈ বকুলকো লৈ গল l পিছে প্ৰথম কেইদিন মহাজনৰ পুতেকৰ পৰা একো বিশেষ অসুবিধা নোপোৱাত বকুলক ঘৰত মাকৰ ওচৰতে থৈ গল l
অাজি শেৱালীৰ গাটো অলপ বেয়া l মহাজনৰ ঘৰৰ কামলৈ যাবলৈও তাইৰ অকনো মন যোৱা নাই l পিছে উপায় নাই.. কামলৈতো যাবই লাগিব l তাই সেইদিনা বকুলকো লগত লৈ গল কামলৈ l শেৱালীৰহঁত গৈ পোৱাৰ পাছতেই মহাজন তেওঁৰ পত্নীৰ সৈতে কৰবাত ওলাই গল l মাক দেউতাক নথকাৰ সেই সোণালী সুযোগটোলৈ ৰমেনে বহু দিনৰ পৰাই অপেক্ষা কৰি আছিল l
শেৱালীয়ে ঘৰ সাৰি আহি আছে বুকুলে বাৰাণ্ডাতে বহি আছে l ঘৰ সাৰি আহি যেতিয়া শেৱালী ৰমেনৰ কোঠাটো সাৰিবলৈ সোমালে তেতিয়া ৰমেনে শেৱালীক থাপ মাৰি হাত খনতে ধৰি লৈ দুৱাৰ খন জোৰত ঠেলি মাৰি দিলে l দুৱাৰৰ শব্দ শুনি বকুল দৌৰি আহি সেইখিনি পালেহি l কোঠাৰ ভিতৰত বায়েকৰ হিয়াভগা কান্দোন... তাই কান্দি কান্দি কৈছে... "মোক এৰি দিয়ক l মই আপোনাৰ ভৰিত ধৰিছোঁ l মোক এনেকুৱা নকৰিব l মোক জীয়াই থাকিবলৈ দিয়ক l অামি দুখীয়া মানুহ l মোক এৰি দিয়ক l" 
শেৱালীৰ চিঞৰ শুনি বুকুলে কেইবাবাৰো চিঞৰি চিঞৰি দুৱাৰ খন ঢকিয়াই বায়েকক মাতিলে l বায়েকে একো নমতাত সি কোঠাটোৰ বাহিৰতে কান্দি কান্দি বহি থাকিল l
প্ৰায় ৩৫ - ৪০ মিনিট মানৰ পাছত তলমূৰ কৰি কান্দি কান্দি কোঠাটোৰ পৰা ওলাই আহিল l ওলায়েই কান্দি কান্দি কোঠাটোৰ বাহিৰত বহি থকা বুকুলক দেখিলে l তাই বকুলৰ হাত খনতে ধৰি ঘৰলৈ যাওঁ বল বুলি কৈ ঘৰলৈ গুচি আহিল l
ঘৰ আহি পাই শেৱালীৰ অৱস্থাতো দেখিয়েই মাকে আৰু একো বুজিবলৈ বাকী নাথাকিল l তাই মাকক সাৱতি লৈ কান্দি কান্দি কলে... মা... মই আৰু মহাজনৰ ঘৰত কাম কৰিবলৈ নাযাও l সিহঁত মানুহবোৰ বৰ বেয়া l মোক সকলো শেষ কৰি পেলালে অ'... মাl

শেৱালীৰ কথা শুনি মাকেও চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে l মাক আৰু বায়েকে কন্দা দেখি বকুলেও কান্দিবলৈ ধৰিলে l সি কিন্তু কি হল আচলতে বায়েকৰ লগত সেই সময়ত একো বুজিয়েই নাপালে l

লগে লগে পুতলী বাইয়ে ন্যায় বিচাৰি গাঁৱৰ সকলো মানুহকে মহাজনৰ পুতেকৰ কু কৰ্মৰ কথা কলে... পুলিচকো জনালে l কিন্তু কাৰো পৰাই তেওঁ ন্যায় নাপালে l কাৰণ মহাজনৰ ঘৰৰ বিৰুদ্ধে এষাৰ মাতিবলৈ সেই আঞ্চলত কাৰো সাহস নাই l

দিন বাগৰাৰ লগে লগে গম পালে শেৱালী অন্তঃসত্বা l এইকথা গম পোৱাৰ লগে লগে গাওঁৰ সকলো মানুহ আহি পুতলী বাইক এঘৰীয়া কৰিলে l গাভৰু কালতে অন্তঃসত্বা হোৱা ছোৱালীক এই 
সমাজত থাকিবলৈ দিয়া নহয় বুলি বহুতে বহুত ধৰণেৰে তিৰস্কাৰ কৰিলে l উপায় হীন হৈ পুতলী বাইয়ে শেৱালী আৰু বকুলক লৈ মহাজনৰ ঘৰলৈ গল l তেওঁলোক অহা দেখি মহাজনৰ পুতেক ৰমেনে সিঁহতক বহুত বেয়াকৈ গালি শপনি পাৰি ঘৰৰ লগুৱা কেইটাক কৈ সিঁহতক ঘৰৰ বাহিৰ কৰি দিলে l ভালকৈ বুজা নোহোৱাৰ পৰাই বকুলৰ চকুৰ সন্মুখতে কোনো দোষ নোহোৱাকৈ মাক আৰু বায়েকক এনেকৈ বাৰে বাৰে অপমান কৰা দৃশ্যই তাৰ মনত একুৰা প্ৰতিশোধৰ জুই জ্বলি উঠিল l

লাহে লাহে পুতলীবাইহঁতৰ অবস্থা পানীত হাঁহ নচৰাৰ দৰে হৈ আহিল l গাওঁৰ কাৰো ঘৰতে পুতলী বাইক কাম কৰিবলৈ দিয়া নহল l ঘৰ খনৰ এই দুৰ্দশা সহ্য কৰিব নোৱাৰি শেৱালীয়ে সকলো দোষ নিজে মুৰ পাতি লৈ তাই ঘৰৰ পিছফালৰ বাৰী খনতে চিপজৰী ললে l

ঘৰত শেৱালী নোহোৱাত মাঁক আৰু বকুলে গোটেই খন বিচাৰি চলাথ কৰিলে l পুতলী বাইয়ে পিছফালৰ বাৰীখনত চাওগৈ বুলি গৈ শেৱালীক চিপজৰী লৈ থকা অবস্থাত দেখি পুতলী বাইৰ ঠাইতে মূৰ্চা গল l বায়েকক এই অবস্থাত দেখি বকুলে তেতিয়াই প্ৰতিজ্ঞা কৰিলে সি এদিন নহয় এদিন মহাজনৰ পুতেকৰ প্ৰতিশোধ লবই l

 বহুত দুখ কষ্টৰ মাজেৰে পঢ়ি শুনি বকুল উচ্চ ন্যায়ালয়ৰ এজন অধিবক্তা হল l ইমান দিনে দূখীয়া হোৱাৰ বাবেই বকুলৰ পৰিয়ালে ন্যায় নোপোৱা আৰু দোষীয়ে শাস্তি নোপোৱা এই গোচৰতো বকুলে পুনৰ আৰম্ভ কৰিলে l বুকুলে নিজে এই গোচৰতোৰ হৈ ওকালতি কৰিলে l বহুদিন আদালতত ওকালতি চলাৰ অন্তত অাজি আদালতে ৰায়দান দিলে.... " বনকৰা মহিলাৰ ছোৱালী শেৱালি দত্তক ধৰ্ষণ কৰি মানসিক অত্যাচাৰ কৰি হত্যা কৰাৰ অপৰাধত ৰমেন বৰাক ফাঁচী ঘোষণা কৰা হৈছে  l"
প্ৰায় বত্ৰিছ বছৰৰ অন্তত অাজি বকুলৰ পৰিয়ালে ন্যায় পালে l 
বকুলে এটা মিচিকিয়া হাঁহি মাৰি ৰমেনলৈ চাই কলে...  পৃথিবীত যে ভগৱান আছে অাজি তাৰেই প্ৰমাণ হল l অাজিহে মোৰ বাইদেউৰ আত্মাই  সদগতি পাব l

✍️ তৃষ্ণা বৰা,
অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)