তুমি অহাৰ বাতৰিত~কবিতা-জিন্টিমনি নেওগ কাকতি

©Admin
0
তুমি অহাৰ বাতৰিত
মোৰ মন আকাশত
চিকমিক বিজুলীয়ে খেলা কৰিছে ৷
মন আকাশত সাতোৰঙী
সূতাবোৰে মালা গাঁথিছে ৷

তুমি অহাৰ বাতৰিত
মোৰ মন সাগৰত
অগণন ঢৌৱে
খেলা কৰি গৈছে ৷

তুমি অহাৰ বাতৰিত
মোৰ চোতালৰ শেৱালিজোপাই
শুভ্ৰ দলিচা পাৰিছে
তোমাক আদৰণি জনাবলৈ ৷

তুমি অহাৰ বাতৰিত
দিনমণিৰ আগমনত
শতদল প্ৰস্ফুটিত হোৱাৰ দৰে
মোৰ মন সৰোবৰতো
শতদল প্ৰস্ফুটিত হৈছে ৷

তুমি অহাৰ বাতৰিত
মোৰ চোতালৰ খৰিকাজাই জোপাই
দশোদিশে সুগন্ধি বিয়পাইছে ৷
আকাশে বতাহে দি গৈছে
কেৱল তুমি অহাৰ বতৰা ৷

✍জিণ্টিমণি নেওগ কাকতি,তেজপুৰ ৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)