অণুগল্প~আগ্নেয়গিৰি-নিজৰা বৰ্মন ডেকা

©Admin
0

ৰাতিপুৱা চাহপানী খাই প্ৰমোদ চহৰীয়াই বাতৰি কাকতত চকু ফুৰালে । বাতৰিৰ হেডলাইনটো পঢ়ি শিয়ৰি উঠিছিল চহৰীয়াই। ইন্সপেক্টৰ ইন্দ্ৰনীল চৌধুৰীৰ আত্মহত্যা ।
 অতি নিষ্ঠাবান সহজ সৰল চৌধুৰী মন্ত্ৰীৰ পুত্ৰক দোষী সাব্যস্ত কৰাৰ বাবে চাকৰিৰ পৰা নিলম্বিত হৈছিল । এইফালে পত্নীহাৰা চৌধুৰীৰ একমাত্ৰ সন্তান সীমান্ত চৌধুৰীৰ লিউকেমিয়া ৰোগ । মাটি বাৰী বিক্ৰী কৰিও  পুত্ৰক সুস্থ কৰিব নোৱাৰিলে । ইমান বছৰে সততাৰে কাম কৰাৰ  বিনিময়ত পোৱা বেদনাবোৰ তাৰ বুকুত আগ্নেয়গিৰি সৃষ্টি কৰিছিল । পত্নী, পুত্ৰ আৰু জীৱনৰ লাইখুঁটা চাকৰি হেৰুৱাই এনেকুৱা মৃত্যুৰ পথ বাচি ল'বলৈ বাধ্য হৈছিল ।

       ✍️নিজৰা বৰ্মন ডেকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)