এটি নিঃস্বাৰ্থ প্ৰেমৰ আৰম্ভণি- চুটিগল্প~ইলা পেটেল

Rinku Rajowar
0
ভৰ দুপৰীয়া ঘামি জামি গেট খন খুলি আহিয়ে জয়ন্ত শইকীয়াই ৰুণীমা ...ৰুণীমাকৈ মাত লগাই একেবাৰে ঘৰৰ পাছফাল পালেহি । দুপৰীয়া সাজৰ বাবে বোৱাৰী ৰুণীমা তেতিয়া ৰন্ধা বঢ়াৰ কামত ব্যস্ত...। 

--- জীয়া জীয়া গৰৈ মাছ কেইটামান পাই লৈ আহিছোঁ...টেঙামৰা পাতৰ সৈতে অকণমান জোল বনাবাচোন বৰ মন গৈছে খাবলৈ...। দুটামান জীয়নো দি থবাচোন পাৰিলে ..সদায় সদায় আৰু ক'ত পাম..দুদিন যাব তেও...। 

--- হ'ব দেউতা
       এইবুলি শহুৰ দেউতাই আগবঢ়াই দিয়া বেগটো লৈ ৰুণীমাই পলিথিনতে বান্ধি অনা মাছ কেইটাৰ লগতে টেঙামৰাৰ মুঠিটোও উলিয়াই মাছকেইটা বাছিবলৈ বুলি পাছফালে লাগে ভাগে বুলি পাতি লোৱা চৌকাটোৰ পৰা অকণমান ফুট ছা‍ই উলিয়াই আনি মাছ কেইটা  পলিথিনটোৰ পৰা ষ্টীলৰ চচপেন এটাতে ঢালি দিলে পানী অলপ দি...। তাৰ পৰাই এটা এটাকৈ উলিয়াই মাছ কেইটা বাছিবলৈ আৰম্ভ কৰিছে...। সঁচাকৈ জীয়া মাছ...। পানীৰ পৰা উলিয়াই আনোতেই মাছ কেইটাই ঢপলিয়াই ঢপলিয়াই ইফাল সিফাল কৰিবলৈ ধৰিলে ..। কোনোমতে ধৰি মাছকেইটাৰ মূৰতে নলুৱা কটাৰী খনৰে  ঠেকেছি ঠেকেছি মাৰি পেলালে কেইবাটাও । মাছ কেইটা তেতিয়াও অলপ অলপ ঢপলিয়াইয়েই আছে...।

     একান্ত মনে মাছ কেইটাত ফুট ছাই অকণ সানি বাছি বাছি তাই নিজকে এই জীয়া মাছ কেইটাৰ সতে তুলনা কৰি গৈ থাকিল...। ঠিক যেন তাইৰ দৰেই এই মাছ কেইটাও...। ঠেকেছি ঠেকেছি মাৰি পেলোৱাৰ পাছতো পুনৰ জি উঠিবলৈ শেষ পৰ্যন্তলৈকে যুঁজি আছে মৃত্যু নিশ্চিত বুলি জানিও...। কিন্তু তাই ...? তাই কি কৰিছে...?

      কিমান হেঁপাহ আৰু আশাৰ ৰঙীন সপোন এটা লৈ আহিছিল তাই এইখন ঘৰলৈ...। মাক দেউতাকৰ একমাত্ৰ আলাসৰ লাড়ু আছিল তাই...। এজনী ৰাজকুমাৰীতকৈ কম নাছিল তাই নিজৰ ঘৰ খনত...। ৰুণী ..ৰুণী .. ৰুণী গোটেই ঘৰখনতে কেৱল...। কিন্তু মৰমৰ মাক জনী অতি সোনকালেই আকাশৰ তৰাৰ সতে ঘৰ সাজি গুচি গৈছিল দেউতাক আৰু তাইক এৰি নিষ্ঠুৰ ভাবে তেতিয়া তাই মাথোঁ হায়াৰ চেকেণ্ডাৰীৰ পৰীক্ষাটো দিছিলহে ।দেউতাকে অকলেই তেতিয়াও তাইক সেই ৰাজকুমাৰী জনীয়েই কৰি ৰাখিছিল। সময় বাগৰি যোৱাৰ লগে লগে ভিতৰি ভিতৰি হয়তো দেউতাককো খুলি খুলি খাইছিল মাকৰ বিষাদে...। লাহে লাহে শাৰীৰিক আৰু মানসিক ভাৱে ভাগৰি পৰিছিল দেউতাক যদিওবা টকা পইচাৰ সিমান অভাৱ হোৱা নাছিল ।

     এদিন অকস্মাত দেউতাকৰ কলেজীয়া বন্ধু জয়ন্ত শইকীয়া আহিছিল দেউতাকৰ খা খৱৰ লবলৈ । ৰুণীমাই দেউতাক আৰু জয়ন্ত শইকীয়া নামৰ দেউতাকৰ বন্ধু জনক চাহ তামোল দিয়ে নিজৰ ৰূমৰ পঢ়া টেবুলত বহিছিলহি । তেতিয়া তাই বি এৰ প্ৰথম বাৰ্ষিকত নাম লগাইছিলহে মাথোঁ...।

--- বুইছা জয়ন্ত...,টকা -পইচা বুলি ক'বলৈ মোৰ সিমান নাই...,তথাপিও ৰুণীৰ নামত পাঁচ লাখৰ ডিপ'জিত এটা আছে যিটোৰ বাবে এতিয়াও সময় আছে....। কিন্তু চিন্তা মোৰ মাত্ৰ ৰুণীক লৈহে হৈছে অ...

--- কিয় ...? কি হ'ল তাইৰ...? 

--- হোৱাত একো হোৱা নাই..., মোৰো দেহাটো আজি কালি সিমান ভাল নহয়..., মাক জনীও সময়তকৈ আগতেই গুছি গ'ল ...। মোৰ হঠাৎ কিবা এটা হৈ গ'লে এই কি কৰিব...? 

--- বেয়া নাপাওঁ যদি এটা কথা কওঁ নিৰ্বাণ..

--- তোৰ কথা আৰু মই বেয়া পামনে...? কি কথা ক...

--- মোৰ ডাঙৰ ল'ৰা জিতুল ৰুণীতকৈ এবছৰ মানৰ ডাঙৰ নহয় জানোঁ..?

--- উম..হয় পিছে...?

--- ৰুণীক তই মোৰ বোৱাৰী কৰি দে...,চা.. টকা পইচাৰ মোৰো কোনো অভাৱ নাই । জিতুলে ডিগ্ৰীটো সম্পূৰ্ণ কৰিলেই তাৰো কাম এটাত লগাই থৈছোঁ হৈ যাব,ৰুণীও পঢ়িব বিচাৰিলে পঢ়িবও পাৰিব সেইটো তই চিন্তা নকৰিবি মই আছোঁ..।

      পঢ়া টেবুলৰ পৰাই সকলো শুনি আছিল তাই...। জয়ন্ত শইকীয়া বিদায় লোৱাৰ পাছত দেউতাকে তাইক সকলো কৈছিল..। হা না একো ক'ব নোৱাৰিছিল তেতিয়া তাই দেউতাকৰ চিন্তাক্লিষ্ট মুখ খনৰ আগত...।

      বহুত ধুমধামেৰে নহ'লেও সকলো নিয়ম নীতিৰে বিয়াখন হৈ গৈছিল জিতুল আৰু তাইৰ ..। বিয়াৰ এবছৰ নহওঁতেই গাঁৱৰ ঘৰৰ পৰা গুৱাহাটীৰ এই নতুন ঘৰটোলৈ আহিছিল জয়ন্ত শইকীয়াৰ স পৰিয়ালে...। জিতুলৰ পি ডব্লিউ ডি ৰ চাকৰিটোও হৈ গৈছিল । দেওৰেক বিকাশো ইঞ্জিনীয়াৰিং পঢ়ি আছে জালুকবাৰীত । শহুৰেক জয়ন্ত শইকীয়াৰ বাহিৰে যেন সকলোৰে পৰিৱৰ্তন আহি গৈছিল গুৱাহাটী চহৰৰ জাকজমকতাৰ বতাহ লাগি..। চহৰৰ আদৱ কায়দাৰ সতে নিজক মিলাবলৈ উঠি পৰি লাগিছে জিতুল , বিকাশ আৰু শাহুয়েকে । কথাই কথাই কেৱল আভিজাত্যৰ মিছা আৱৰণ এখনেৰে ঢাকি ৰাখিবলৈ প্ৰয়াস মাথোঁ....। নতুন পৰিবেশ নতুন মানুহৰ সংগত শাহুয়েক আৰু জিতুলে ৰুণীমাক প্ৰায় অকলশৰীয়া আৰু এলাগী কৰি ৰাখিবলৈ চেষ্টা কৰি আহিছে । জিতুলৰ নতুন নতুন বন্ধু বান্ধৱীৰ ভিতৰত বেছি সংখ্যক বান্ধৱীৰেই আগমণ ঘটি আহিছে দিনক দিনে...। কেতিয়াবা তাই শোৱাৰ বিচনাত সেই প্ৰসংগৰ কিবা প্ৰশ্ন কৰিলেই গোৰ মাৰি বিচনাৰ পৰা পেলাই ও দিয়াৰ ঘটনা ঘটি গৈছে কেইবাদিনো...। শাহুৱেকেও তাইক সেই বিষয়ে যাতে একো মাত নামাতে তাৰ বাবে সদায় সকীয়াই আহিছে...। প্ৰথম অৱস্থাত দুয়োটাৰে সিমান বুজা পৰা নাছিল বাবেই সন্তানৰো কোনো প্ৰয়োজনবোধ নকৰিছিল...। কিন্তু এতিয়া...? এতিয়াতো সেই আশা কৰিব পাৰি...? জিতুলৰো এটা ভাল সংস্থাপন আছে আৰু তাইও ঘৰখন চম্ভালিবলৈ পৰা পৰিৱৰ্তন আহি গৈছে তেন্তে...?

       চচপেনটোত অকণমান পানীতে মাছ কেইটাই উশাহ পাইছে...জীয়াই থকাৰ দুৰ্বাৰ হেঁপাহত মাত্ৰ সেইকণ পানীতেই যেন আশাৰ সঞ্চাৰ  বিচাৰি পাইছে ...।

--- দুই বাজিবৰ হ'ল...আৰু কিমান সময় লাগি সেই কেইটাতে সময় নষ্ট কৰ...?

     টি ভি টো চাই থকাৰ পৰা শাহুয়েকে আহি মাত লগালে তাইক...। ৰুণীমাই নিজৰ তন্ময়তা ভাঙি খৰ ধৰ কৰাত লাগিল...। একো এটা মাত নমতাকৈয়ে মাছ কেইটা ধুই পখালি কেৰাহিটো গেছত বহাই দি তেল অলপ ঢালি তেলকণ গৰম হোৱালৈকে মাছ কেইটাত অকণ নিমখ হালধি সানি লৈ টেঙামৰা মুঠিও খৰ খেদাকৈ বাছি যোৱাত লাগিল...। 

     দুপৰীয়া জিতুল আহিছিল লগত কোনোবা বান্ধৱী এজনী লৈয়ে...। ডাইনিং টেবুলতে সকলোৰে বাবে ভাত সজাই বঢ়াই দিছিল ৰুণীমায়ে...। খোৱা বস্তুবোৰ যতনাই ভিতৰলৈ সোমাওঁতেই শাহুয়েকে স্পষ্টকৈ কোৱা শুনা পাইছিল তাই যেতিয়া জিতুলৰ বান্ধৱী জনীয়ে ৰুণীমাৰ বিষয়ে সুধাত ..."অ...তাই আমাৰ এওঁৰ বন্ধু এজনৰ ছোৱালীহে"...। কিন্তু এইটো কিয় নক'লে তাই যে জিতুলৰ পত্নীহে...?

      খং, ক্ষোভ আৰু প্ৰতিবাদ এটাই স্থান পাইছিল তেতিয়া সেই মুহূৰ্তৰ পৰা তাই সহজ সৰল স্বাভিমানী মনটোৰ ভিতৰত ...। সলাব বিচাৰিছিল তাই নিজকে...। ৰাতিলৈ সেই খং,ক্ষোভ আৰু প্ৰতিবাদৰ উপহাৰ পাইছিল মাথোঁ তিৰস্কাৰ...। তাই হকে মাত মতা শহুৰ দেউতাকৰো মুখ বন্ধ কৰি পেলাইছিল মাক পুতেকে মিলি...।

      দিনক দিনে সলনি হোৱাতকৈ বেছিহে হৈ আহিছিল সেই তিৰস্কাৰ...। প্ৰতিদিনে বহু চেষ্টা কৰিও জিতুল আৰু শাহুৱেকৰ স্বভাৱ সলনি কৰিব পৰা নাছিল তাই আৰু শহুৰেকে মিলিও..। 

      এনেতে গা‍ঁৱত দেউতাকৰ মৃত্যুৰ খৱৰটোত ভাঙি পৰিছিল তাই ভিতৰি ভিতৰি বাউলি জনী হৈ...।  দেউতাকৰ কাজ সকাম শেষ হোৱাই নাছিল যি জনক তাই পিতৃ সম মানি আহিছিল তেওঁ ও এই সংসাৰৰ পৰা বিদায় মাগিলে...। কি কৰিব এতিয়া তাই ...? নিজৰ বুলি ক'বলৈ আৰু আছেই বা কোন...?

     লাহে লাহে পৰিস্থিতিৰ লগত নিজক সম্ভালিবলৈ যত্ন কৰিছিল তাই...। কিন্তু এতিয়া যেন আৰু বেছিহে ভয়ংকৰ হ'বলৈ ধৰিছে পৰিস্থিতি....। দেউতাকৰ সাঁচতীয়া টকা খিনিটো শেষেই...তাৰোপৰি নিজৰ চাকৰিৰ টকা কেইটাও নুজুৰিছে জিতুলৰ...। ঘৰলৈও নতুন নতুন বান্ধৱীৰ আগমণ ঘটিয়েই আছে ।

     কিন্তু আজি যেন সকলো চৰম সীমা গছকি তাইৰ কাষৰ ৰূমটোত জিতুল আৰু কোনোবা এজনী বান্ধৱী ৰাতিৰ মধুৰ মিলন...। সৰগ খনহে যেন খহি পৰিছিল তাইৰ মূৰত...। ভৰিৰ তলৰ মাটিকনো নোহোৱা যেন লাগিছিল তাইৰ...। শাহুৱেকক ক'বলৈও কি ক'ব তেওঁ...? হ'লেও বুকুত সাহস বান্ধি তাই শাহুৱেকৰ ৰূমৰ দুৱাৰত টুকুৰীয়ালে কেইবাবাৰো...। চকু মোহাৰি মোহাৰি তেওঁ ওলোটাই ধমক দি সুধিছিল...কি হ'ল...?

--- এইবোৰ কি মা...? খং আৰু ক্ষোভেৰে জৰ্জৰিত হৈ তাইও প্ৰশ্ন কৰিছিল শাহুয়েকক...। 

--- লাহেকৈ ক...সেইজনী জিতুলৰ পছন্দ...,অলপ দিনতে সিহঁত বিয়া পাতিব...তোৰ একো নহ'য় যা শুই থাক...।

       মাকৰ উত্তৰ শুনি তাই আৰু উত্তেজিত হৈ পৰিছিল খঙত...। সোমাই গৈছিল জিতুলৰ মধুৰ মিলনৰ ৰূমটোত আৰু যতে যি পাইছে এফালৰ পৰা বস্তুবোৰ দলিয়াই পেলাইছে...। বিচনাখনতে শুই থকা ছোৱালী জনীলৈ ৰৌদ্ৰ মূৰ্তিৰে এবাৰ চাই বিচনা চাঁদৰ খনকেই জোৰকৈ টানি আনিলে...। ছোৱালীজনী তেতিয়ালৈ উঠিব ধৰিছিল কিন্তু ৰুণীয়ে তাইক প্ৰচণ্ড জোৰে এটা চৰ সোধাই দি কৈছিল..."লাজ নালাগে পৰ স্ত্ৰীৰ স্বামীৰ স'তে এনে কৰিবলৈ...? "
প্ৰত্যুত্তৰত পাইছিল তাইও জিতুলৰ পৰা এটা প্ৰচণ্ড চৰ...। 

      সহ্য নহ'ল আৰু ৰুণীমাৰ...প্ৰত্যুত্তৰত জিতুলৰ পৰা খোৱা চৰটোত নহয়...জিতুলে তাইৰ স্বাভিমানী মনটোক অপমানিত কৰি আঘাত কৰাতহে...। 

      সিদ্ধান্ত লৈ পেলাইছিল তাই সেই ৰাতিয়ে...। তাই পঢ়াৰ চাৰ্টিফিকেট কেইখন আৰু যি দুই চাৰিশ টকা পালে তাকে লৈ ৰাতিৰ আন্ধাৰত অচিনাকি চহৰ খনৰ মাজলৈ..। কিন্তু ক'ত যাব...? 

     অট এখন পাই তাই এনেয়ে ক'লে...পল্টন বজাৰ ৰেলৱেই ষ্টেচন...। কোন আছে তাত...? মনৰ ভিতৰতে প্ৰশ্ন কৰিছিল তাই...। 

     অট চালক জনে হয়তো পঢ়ি পেলাইছিল ৰাতিৰ আন্ধাৰতো ক্ষীণ লাইটৰ পোহৰত তাইৰ বিষন্নতাৰে ভৰা চিন্তাক্লিষ্ট মুখ খন...।

--- বাইদেউ ক'ত যাব..? 
       পুনৰ বাৰ সুধিছিল সেয়ে অট চলাই চলাইয়েই...

--- মোক কোনোবা ওমেন হোষ্টেল আছে যদি তালৈকে লৈ ব'লক...। 
       তাইও কোনো লোক- ঢাক নকৰি কৈ পেলাইছিল ।

--- এতিয়া তেনেকুৱা হোষ্টেল হয়তো নাপাম বাইদেউ,ৰাতিপূৱালৈ অপেক্ষা কৰে যদি বিচাৰি দিব পাৰিম...।

       একো নামাতিলে তাই । দুচকুৱেদি চকুৰ পানীখিনি বৈ আহিছিল তেতিয়া তাইৰ...। অট চালক জনেও হয়তো বুজিব পাৰিছিল তাইৰ মনৰ অপ্ৰকাশিত কথাবোৰ...।

--- বাইদেউ কথা এটা কওঁ যদি বেয়া নাপায়...?

--- কওক...
      লাহেকৈ উত্তৰ দিছিল চকু পানীখিনি মচি মচি তাই...। বেয়া এতিয়া কাক পাব তাই...? 

--- ৰাতিটো মোৰ লগতে যাব পাৰিব যদি আপুনি বেয়া নাভাৱে...,চিন্তা নকৰিব... মোৰ এজনী সৰু ভন্টি আছে মাথোঁ...। মই পল্টন বজাৰৰ ষ্টেচনৰ ওচৰতে সৰু ভাড়া ৰূম এটাতে থাকোঁ...। 

       সেয়াই আছিল মানৱীয়তাৰ নিদৰ্শনৰ ভগৱান স্বৰূপ অজয় বৰুৱা । সৰু ভনীয়েক জনীৰ লগতে সিহঁত তিনিওটা সুখেৰে অতিবাহিত কৰিবলৈ ধৰিছিল । ৰুণীয়ে ওচৰতে এটা সৰু কোম্পানীত এটা সৰু কামো কৰিছিল...। দিন অতিবাহিত হৈছিল তেনেকৈয়ে...। ৰুণীক কোনোবাই বিচাৰিছিল নে ৰুণীয়ে কাৰোবাক বিচাৰিছিল....।

      কিন্তু আজি হঠাৎ ৰুণীৰ সন্মুখৰ ৰাস্তাটোৰ মেৰামতিৰ বাবে অহা মানুহৰ মাজত জিতুলক দেখি তাই নেদেখাৰ ভাও জুৰি যেতিয়া ৰূমলৈ খোজ লৈছিল তাইৰ পাছে পাছে জিতুলো আহিছিল তাই থকা ৰূমটো লৈকে...।

--- কিয় এতিয়া লাজ লগা নাই তোৰ এইদৰে বেলেগ মতাৰ লগত থাকিবলৈ...?

        ৰূমটোত সোমায়েই সি ইফালে সিফালে চাই অজয় ক দেখি কৈ উঠিছিল...।
কোনো উমঘাম নাপায় শুই থকা অজয় উঠি বহিছিল ।

--- কোন আপুনি...?

--- আপুনি বৰ্তমান যিগৰাকীৰ সৈতে সহবাস কৰি আছে তেওঁৰ স্বামী...।

--- চাওঁক...,আপোনালোকৰ মাজত কিবা ভুল বুজা বুজি হ'ব পাৰে কিন্তু আপুনি যি কৈছে সেয়া সঁচা নহয়...

--- তেন্তে কি হাঁ....?

--- মনত ৰাখিবি তই এতিয়াও মোৰ পত্নী...,ইচ্ছা কৰিলে এতিয়াই চোঁচৰাই লৈ যাব পাৰোঁ...

--- পত্নী...? কোন কাৰ পত্নী...? 

--- তোৰ শিৰত যে এতিয়াও জিলিকি আছে সেন্দূৰ কণ তেন্তে কাৰ...?

        জিতুলৰ প্ৰশ্নত তাইৰ মনত পৰিছিল ক্ষন্তেক সময়ৰ বাবে...সৰুকৈ হ'লেও যে তাই জিতুলৰ নামৰ সেন্দূৰ অকণ লৈ আহিছে আজিও...। 

--- সেন্দূৰ...? 
      হাঁহিছিল অলপ তাই...। শিৰত লৈ থকা সেন্দূৰ কণত হাত খন নি মোহাৰি দি কৈছিল...

--- এতিয়া...? নে তোমাৰ নামৰ সেন্দূৰ আছে নে তুমি মোৰ স্বামী...। এইবুলি তাই আনটো ৰূমৰ পৰা সেন্দূৰৰ টেমাটো লৈ আনি নিৰৱে বহি থকা অজয় ৰ ফালে আগবঢ়াই দি ক'লে..

--- অজয় ...তুমি মোৰ শিৰত এই পবিত্ৰ সেন্দূৰ কণ দিবানে...?

       এজনী নাৰীৰ তাৰ প্ৰতি থকা শ্ৰদ্ধা আৰু বিশ্বাসক সন্মান দি সিও ৰুণীৰ শিৰত ৰঙা সেন্দূৰ কণ আঁকি দিছিল...। মনতে পুহি ৰখা ভাল পোৱাবোৰে যেন এটা নাম পাইছিল সেইদিনা চিৰ দিনৰ বাবে...।

--- এতিয়া তোমাৰ কোনো অধিকাৰ নাই মি: জিতুল শইকীয়া... যি সেন্দূৰৰ বাবে তুমি অধিকাৰ সাব্যস্ত কৰিবলৈ বিছাৰিছিলা এতিয়া সেই সেন্দূৰৰ ওপৰত আন এজনৰ অধিকাৰ আছে...। তুমি নিজেই ইয়াৰ পৰা ওলাই যাবা নে মই গতিয়াই উলিয়াই দিলে যাবা...?

       ওলাই গৈছিল কোনো মাত নমতাকৈয়ে জিতুল...। 

       অজয় আৰু ৰুণীৰ এখন সুখৰ সংসাৰৰ পাতনি মেলিছিল সেই দিনাৰ সেই মুহুৰ্তৰ পৰা ...বিশ্বাস আৰু এটি নিঃস্বাৰ্থ প্ৰেমৰ আৰম্ভণিৰে ....।


সমাপ্ত 


🖋️ইলা পেটেল
আহমেদাবাদ(গুজৰাট)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)