তুমি কেতিয়া আহিবা-কবিতা~ধিৰাজ তালুকদাৰ

Rinku Rajowar
0
হৃদয়ত এথোঁপা গোলাপেৰে, 

 সজাই ৰাখিছো ! 

 "একাজ্বলি ভালপোৱা" 

 মাথোঁ তোমাৰ অপেক্ষাই, 

 তুমি কেতিয়া আহিবা ?? 

 গোলাপ পাহিওঁ শুকাই গ'ল 

 তুমি যে এতিয়াওঁ নাহিলা ? 

 কিহেৰে তুলনা কৰিম 

 নাই যে একো, 

 তোমাৰ লগত ৰিজোৱাৰ; 

 কিয়োনো......? 

 তুমি যে তুলনাবিহীন 

 সাগৰৰ দৰে গভীৰ 

 আকাশৰ দৰে বিশাল ৷ 

 হাজাৰ দুখ নেওঁচিও 

 তুমি যে হৃদয়ৰ বান্ধোনত 

 জীয়াই ৰাখিছা ? 

 একাজ্বলি ভালপোৱা ৷

✒️ধিৰাজ তালুকদাৰ
 জিলা নলবাৰী   
কামৰূপ মহাবিদ্যালয় ,চামতা
তৃতীয় ষাম্নাসিক (দৰ্শন বিভাগ)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)