একাগ্ৰতা-প্ৰেৰণা~মানস প্ৰতীম মালী ‌

Rinku Rajowar
0
তোমাক হয়তো বহু মানুহে ঠাট্টা কৰে , কৰিব দিয়া তেওঁ তোমাক ঠাট্টা কৰিলে তুমি সৰু হৈ নোযোৱা । কেৱল তুমি তেওঁক সদায় ভাল ব্যৱহাৰ কৰিবা । তোমাক হয়তো বহুত মানুহে অৱহেলা কৰিব পাৰে,কৰিব দিয়া বেলেগে তোমাক গুৰুত্ব নিদিলেও তোমাৰ কোনোদিনে সন্মান কমি নাযায় । মাত্ৰ তুমি তেওঁক সদায়েই আনতকৈ বেছি গুৰুত্ব দিবা ।   কোনোবাই তোমাক বেয়া পায়  , পাবলৈ দিয়া তেওঁ তোমাক বেয়া পালে বুলিয়েই তুমি বেয়া হৈ নোযোৱা ।  
তোমাক দেখি হয়তো বহুত মানুহে হাঁহিব পাৰে । মাত্ৰ তুমি কোনোদিনে আনৰ হাঁহিৰ কাৰণ নহ'বা । কোনোবাই তোমাক দুখীয়া বুলি কব পাৰে , কব দিয়া মাত্ৰ তোমাৰ মনতো সদায় পৰিষ্কাৰ কৰি ৰাখিবা । মানুহে হয়তো তোমাক দেখুৱাই দামী দামী আহাৰ খাব পাৰে , কিন্তু তুমি এইটো মনত ৰাখিবা , পৃথিৱীৰ আটাইতকৈ ধনী মানুহজনেও পিয়াহ পূৰাবলৈ আমাৰ দৰেই পানীয়েই খাই । টকাৰে ধনী হব পাৰি  , কিন্তু টকাৰে সুখ কিনিব নোৱাৰি ।  টকাৰে ডাঙৰ ডাঙৰ অট্টালিকা বান্ধিব পাৰি , কিন্তু টকাৰে টোপনি কিনিব নোৱাৰি ।  
মানুহক  যি কয় কব দিয়া , মাত্ৰ তুমি একাগ্ৰতাৰে নিজৰ কাম কৰি যোৱা । সফল হবলৈ কষ্ট কৰিবই লাগিব । কোনোদিনে মূল্যৰ আশা নকৰি একাগ্ৰতাৰে  সকলো কাম কৰি যোৱা । সকলো শুদ্ধ নহলেও বহু কথাই শিকিব পাৰিবা । অমানুহ হৈ ধনী হোৱাতকৈ মানুহ হৈ দুখীয়া হৈ থকাই বহুত ভাল ।  তোমাক যোনে যি কয় কব দিয়া , কাৰো বিৰুদ্ধে কোনোদিনে তুমি মাত নামাতিবা । মানুহ এজনে সকলো কথা নাজানে সচা , কিন্তু তেওঁ কিছুমান কথা জানিবও পাৰে । জ্ঞান থকা মানুহ এজনৰ ওচৰৰপৰা জেদ কৰি উভতি অহাতকৈ তুমি নজনা কথাতো তেওঁৰপৰা শিকি লোৱাটো দৰকাৰ । ঠিক একেদৰে তুমি জনা কথাতোও আনক শিকোৱা উচিত ।  মানুহৰ শত্ৰু বহুত থাকে কিন্তু প্ৰকৃত বন্ধু বহুত কম থাকে । সেয়ে সদায় মানুহৰ লগত বন্ধুত্ব গঢ়িব চেষ্টা কৰা উচিত ।
টকা থাকিলে তোমাৰ ওচৰলৈ বহুতো মানুহ বন্ধু হবলৈ আহিব । কিন্তু তোমাৰ বিপদৰ সময়তহে গম  পাবা , কেইজন বন্ধু তোমাৰ ওচৰত আছে ।
সদায় তুমি নিজৰ কথা চিন্তা কৰাৰ আগতে আনৰ কথা এবাৰ ভাবি চাবা ।

🖋️মানস প্ৰতীম মালী ‌ 
ঠিকনা :- বৰিহাট , মিৰ্জা 


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)