হৃদয় চোৰ-কবিতা~ছাইফুদ্দিন আহমেদ

Rinku Rajowar
1
তুমি যি কৰিলা
ভালেই কৰিলা,
বন্ধুত্বৰ নামত
প্ৰথমে কাষ
চাপিলা ৷
এতিয়া আকৌ
চোৰৰ নামত
মোৰ হৃদয়খনকে
পছন্দ কৰি তুমি
চোৰ কৰিলা নিলা ৷

জানিব পাৰোনে,
তোমাৰ বন্ধু হোৱাটো
কি মোৰ অপৰাধ আছিল ?
কিয় তুমি লাহে লাহে
মোৰ হৃদয়ত হাত ৰাখিলা,
উমি জুমি চাই চাই তুমি
মোৰ হৃদয়ৰ বন্ধ কোঠালিত
বাৰে বাৰে প্ৰেমৰ নতুন নতুন
পুলি ৰুইছিলা আজি সেই পুলিয়ে
পোখা মেলিছে মোৰ হৃদয়ত ৷

কলিজাৰ তেজত মোৰ
তোমাৰ প্ৰেমৰ ফুল ফুলিছে !
যন্ত্ৰণাত কাতৰ মোৰ দেহা মন
তুমি কি বুজিবা হৃদয় হেৰুৱাৰ
যন্ত্ৰণাৰ জ্বলাত জ্বৰ উঠিছে গাত 
জানো তুমি সফল হৈছা হৃদয় চুৰিত
যি কৰিলা তুমি ভালেই কৰিলা ৷
বন্ধুত্বক এতিয়া প্ৰেমৰ ৰূপ দিলা
মোৰ জীৱনৰ সকলো ৰং তুমি
আজি আকৌ তাকেই বুজাব চেষ্টা কৰিলা ৷

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment