মানুহবােৰ নদী হৈ গ'ল-মীনা পামে গাম

Rinku Rajowar
0
সু-উচ্চ তিৰ্ব্বতৰ পৰা
পাহাৰী চহৰ-গাঁৱৰ মাজেৰে
অকোৱাঁ-পকোৱাঁ বাটেৰে
সোৱণশিৰী নাম লৈ
বিদ্যুত চমকা সোঁতেৰে আহি
বােৱাই দিলা ঢল---
বলিয়া তৰংগেৰে----,
নুশুনা কাৰো - দুৰ্ব্বিসহ যাতনা ॥॥

সোৱণশিৰী, তুমি  চিৰ্ণ-বিচ্ছিৰ্ণ কৰি 
ধ্বংশ কৰিলা 
পানৈ জংকি খ্যাত "ঘূণাসূতীক" ....।

খলিয়নি, লতীয়া কলা,
২ নং বামুণি জান, 
২নং নাহৰণি "ঘৰবােৰো নদী" কৰি পেলালা ।

ঘূণাসূতীৰ মিৰিজীয়ৰী স্কুল খনে কি জগৰ লগাইছিল - "সোৱণশিৰি"
"স্কুলখনাে নদী কৰি" পেলালা !!!

অজস্ৰ - বন - সম্পদ
কদম ৰিজাৰ্ভ 
বাঘমৰাৰ - "বৃটিছৰ দিনৰ বাংলাকো নদী কৰি" পেলালা
আৰু কিমান নদী কৰিবা???????

ফুলনি, পাৰঘাটৰ "বিল বিলাকো  নদী" কৰিলা !!
মাথো গ্ৰাস, মাথো গ্ৰাস ????

সেউজীয়া পথাৰৰ ওপৰেদি পানী বৈ গ'ল
"পথাৰবােৰ নদী" হ'ল ॥॥

মানুহৰ ওপৰেদি পানী বৈ গ'ল
"মানুহবােৰ নদী" হৈ গ'ল ॥॥

হে সূৰ্য্য,
হে শাসনকাৰী,
"মানুহবােৰ নদী" হৈ গ'ল !!
আপুনি এতিয়াও চিন্তান্বিত নহয় ?????
কিমা আশ্চৰ্য্যচম !! 
ৰক্ষা কৰোতা নাই !!!
ভাগৰি গ'ল তেওঁলোক !
চৰকাৰৰ দৰখাস্তৰ ওপৰত 
ভৰসা হেৰাল ঘূণাসুঁতি  বাসীৰ !
সাঁতুৰি সাঁতুৰি জীৱন নিৰ্ব্বাহ কৰি আছে
তেওঁলোকে...... !!!!!!!!!!!! 

                  🖋️মীনা পামে গাম
                       

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)