যেতিয়া আঠ বাজে,তেওঁ সাজু হয় নিতাল-নিস্তব্ধতাৰে।
পেটত পেলাই এমুঠি ভাত,
আলফুলে বান্ধি লয় তেওঁৰ পুৰণি চাইকেলখনত
এখন দা।
ডিঙিত মেৰিয়াই লয় তেওঁ....
এখন ঘামমচা গামোচা।।
জপনাখন খুলি তেওঁ ওলাই যায় দিনটোৰ বাবে।
এই দিনটোৰ ব্যস্ততাতেই তেওঁ লিখি লয় সংগ্ৰামৰ কবিতা।
তেওঁ যেন জীৱনৰ এজন সংগ্ৰামী কবি
আৰু মই তেওঁৰ স্ৰোতা।।
ঘামমচা গামোচাৰেই মচি লয়
তেওঁৰ দুখবোৰ,
বিচাৰি লয় সুখ।
ঘামতেই বিলীন হয় তেওঁৰ স্বপ্ন।
শেতেলিত শুই পৰে ক্লান্ত দেহ।
ভাগৰুৱা আত্মা তেওঁৰ,শান্ত মুখ।।
সংগ্ৰামৰ অৰ্থ তেওঁ জানে।
তেওঁৰ জীৱনৰ চোলাটো যদিও পুৰণি কিন্তু
মলিন নহয়।
সদায় দেখা সুৰুযৰ আভাতো
তেওঁ বিচাৰি লয়
নতুনৰ শব্দ।
দিনবোৰো তেওঁৰ বাবে প্ৰতিদিনেই নতুন।
অতীত তেওঁৰ বিষয় নহয়।
বৰ্তমানেই তেওঁৰ ভৱিষ্যৎ।।
তেওঁ ক্লান্ত হয় প্ৰতিদিনে।
স্বপ্নবোৰৰ দৰে তেওঁ বুকুতেই
সামৰি থয় ভাগৰবোৰ।
সেয়া মই দেখিবলৈ নাপাওঁ।
তেওঁ জীৱন বাটৰ অক্লান্ত শ্ৰমিক।।
শিকিব লাগে তেওঁৰ পৰা।
মই শিকিছো তেওঁৰ পৰা....
জটিল জীৱনৰ প্ৰতিটো শব্দ।
মেলি লৈ জীৱনৰ টোপোলা....
শিকাইছে তেওঁ সংগ্ৰামৰ পাঠ।
তেওঁ মোৰ শিক্ষক
আৰু মই তেওঁৰ ছাত্ৰ।।
✒️ প্ৰদুম্ন্য দত্ত
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ