পৃথিৱীৰ একোৱেই স্থায়ী নহয়-আমাৰ নেতা বা হ'বলগীয়া নেতা সকলৰ বাবে প্ৰেৰণাদায়ক এটি চমু ঘটনা~ফেচবুকৰ পৰা

Rinku Rajowar
0
বিখ্যাত অভিনেতা আৰ্ণল্ড ছোৱাৰ্য নেগাৰ তেওঁৰ নিজৰ সুবিখ্যাত ব্ৰঞ্জ মূৰ্তিৰ সন্মুখত নিদ্ৰিত অৱস্থাৰ ফটো এখন পোষ্ট কৰে আৰু কেপচন লিখে,- "সময় কিভাবে সলনি হয়"।  

তেখেত বৃদ্ধ হৈছে বুলি এই বাক্যটো লিখা নাই। তেখেতৰ এই ব্ৰঞ্জৰ মূৰ্তিটো এই হোটেলৰ সন্মুখত যেতিয়া স্থাপন কৰা হয়, তেতিয়া তেখেত কালিফোৰ্নিয়াৰ গভৰ্ণৰ আছিল আৰু তেখেতেই এই হোটেল উদ্বোধন কৰে। হোটেল কৰ্তৃপক্ষই সন্মানাৰ্থে প্ৰতিশ্ৰুতি দি কৈছিল যে,- "যিকোনো সময়ত আপুনি এই হোটেলত আহিলে আপোনাৰ বাবে এটি সংৰক্ষিত কক্ষ থাকিব। 

পৰৱৰ্তী সময়ত আৰ্ণল্ড ছোৱাৰ্য নেগাৰ সেই হোটেলত যোৱাত তেখেতক হোটেল প্ৰশাসনৰ পৰা কোৱা হৈছিল যে,- এই মুহূৰ্তত কোনো ঘৰ/কক্ষ খালি নাই, সেইবাবে আপোনাক ইয়াৰ পৰা উভতাই দিব লগা হৈছে। তেখেত তেতিয়া নিজৰ মূৰ্তিৰ তলত শুই পৰে, আৰু তেখেতৰ এই অৱস্থা কল্পনা কৰাৰ অনুৰোধ অইনক কৰে। তেখেত এয়াই ব্যক্ত কৰাৰ চেষ্টা কৰিছে যে,- "মানুহ যেতিয়া তেওঁৰ উচ্চ ভাল অৱস্থানত থাকে, তেতিয়া তেওঁ মূল্যায়িত অন্যথা নহয়। সময় যেতিয়া সলনি হয়, মূল্যায়ন কমি গ'লে, তেতিয়া তেওঁ  নিজৰ অৱস্থান, ক্ষমতা বা বুদ্ধিমত্তাৰ ওপৰত অতিৰিক্ত আস্থাবাণ হোৱা উচিৎ নহয়। এইখন পৃথিৱীত স্থায়ী বুলি একোৱেই নাই!"

(সংগ্ৰহ আৰু অনুবাদ)
আনোৱাৰ এইচ সোনাৰ

  

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)