আমাৰে মাইনা শুব এ
বাৰীতে বগৰী ৰুব এ
বাৰীৰে বগৰী পকি সৰি যাব
আমাৰে মাইনাই বুটলি খাব।
মা সৰুতে তুমি এইদৰে
নিচুকনি গীত গাই
মোৰ টোপনি আনিছিলা।
মোৰ অতি আদৰৰ
মোৰ অতি চেনেহৰ
তুমিয়েই মোৰ মৰমৰ মা।
মা তুমি মোৰ জীৱনৰ
প্ৰথম চিনাকী।
তোমাৰ মৰম মোক আনে
কেতিয়াও দিব নোৱাৰে।
তুমি বৰ সহনশীল,
তোমাৰ হৃদয়খন বৰ কোমল।
তোমাৰ বাবেই মই আজি
এই পৰ্যায় পালোহি।
তোমাৰ আঁচলেৰে
চকুলো মচি মচি
ডাঙৰ হʼলো।
তুমি সদায় ছাঁৰ দৰে
মোৰ কাষতে থাকিবা,
আঁতৰি নাযাবা।
সোণ ৰূপৰ গহণা তুমি মোক
আনি দিব নালাগে!
মাথোঁ ছাঁৰ দৰে
কাষতে থাকিবা।
আকাশলৈ চোৱাচোন মা
তৰাবোৰৰ জিলিকনি!
মইও এদিন জিলিকি উঠিম,
তোমাৰ সপোন পূৰণ কৰিম।
মই আজি ডাঙৰ হʼলো যদিও
তোমাৰ বাবে সদায়
কণমানি জনীয়ে হৈ থাকিম।
✍️দিপশিখা ৰাজকোঁৱৰ।
ঊষাপুৰ কোঁৱৰ গাওঁ
একাদশ শ্ৰেণী