ভূমিকা~অণুগল্প-চুমিন্দ্ৰ চৌধুৰী

©Admin
0
বাংগালোৰ চহৰৰ বেল ৰোডৰ ফুটপাথত তেজ এডোঙা আৰু সৰু চেন্ডেল পাত দেখি অৰুনাভৰ বুকুখন মোচৰ খাই গ'ল | কালি সি বেল ৰোডলৈ আহোতেই চৰকাৰৰ বিদ্যুত বিভাগে ফুটপাথৰ মাজত থকা লোৰ বিজুলী খুটা কেইটামান কাটি থকা দেখিছিল ৷ বিভাগীয় গাফিলতিৰ কাৰণে লোৰ অবশিষ্ট অংশ সমূহ ওলাইয়ে থাকি গ'ল যাৰ ফলত দুৰ্ঘটনাটো ঘটিল বুলি বুজি পালে ৷ তাৰ আঙুলিত ধৰি খোজকাঢ়ি থকা জীয়ৰী আঠ বছৰীয়া ৰিদ্ধিৰ কোমল মুখখনলৈ চাই সি কিবা অলপ চিন্তা কৰি ঘৰলৈ উভতি গ'ল ৷ কাষতে নিৰ্মাণৰত এপাৰ্টমেণ্টটোৰ চুপাৰভাইজৰ জনক অনুৰোধ কৰি অলপ শিল, বালি আৰু চিমেণ্টৰ মিশ্ৰণ খুজি আনি ৰিদ্ধিক লগত লৈ পুনৰ সি বেল ৰোড পালেগৈ ৷ ৰিদ্ধিৰ সহায় লৈ সি প্ৰায় পাচটা মান তেনেকৈ লোৰ খুটাৰ অবশিষ্ট ওলাই থকা স্থানত লগত নিয়া কংক্ৰিটৰ মিশ্ৰণেৰে ঢাকি দি বাকী কেইটা কাইলৈ কৰিব বুলি উভতি আহিল ৷ বাটৰ পথিকে তাৰ কান্ড -কাৰখানা চাই কিবা কিবি কৈ যোৱাৰ কাৰণে ৰিদ্ধিয়ে অলপ ইতস্ততবোধ কৰিলে ৷ তাইৰ মনৰ ভাবটো বুজিব পাৰি অৰুণাভে তাইক বুজালে, মাজনী আপত্তি দৰ্শোৱাতকৈ কেতিয়াবা কিছুমান আৰ্হি দেখুৱাৰ বেছি প্ৰয়োজন হ'য় ৷ জীৱনত যিকোনো সৎ কামৰে ভূমিকা নিজে লব পৰাটো পৰম সৌভাগ্যৰ কথা ৷ 
পিছদিনাখন পুৱাই অৰুণাভে কংক্ৰিটৰ মিশ্ৰণ লৈ ৰিদ্ধিৰ লগত বেল ৰোড পালেগৈ ৷ কিন্ত এইয়া কি সিহঁত গৈ পোৱাৰ আগতেই দেখোন দহজন মান লৰা-ছোৱালীৰ এটা দলে ইতিমধ্যেই কংক্ৰিটৰ মিশ্ৰণেদি লোৰ অৱশিষ্ট অংশবোৰ ঢকা কাম আৰম্ভ কৰি দিছে ৷ স্বভূমিকাই স্বীকৃতি পোৱাৰ আনন্দত অৰুণাভে ৰিদ্ধিৰ সতে লৰা-ছোৱালীৰ দলটোৰ সতে হাতেকামে লাগি গ'ল৷

✍️চুমিন্দ্ৰ চৌধুৰী
নতুন দিল্লী 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)