গোলাপ তুমি নিছিঙিবা,
গোলাপক হত্যা কৰি!
প্ৰেমৰ দিন উদযাপন নকৰোঁ।
মই তোমাক ভালপাও বুলি!
কোৱাৰ সাহস নাই,
উদং জেপ গভীৰ প্ৰেম!
তুমি দিয়া চকলেটতো মই খাব নোৱাৰিলোঁ!
সি পেটৰ ভোকত মোৰ ফালে চাই আছিল।
পুতলাটো ৰাস্তাত শুই থকা
ছোৱালী জনীৰ ওচৰলৈ দৌৰি গ'ল!
মই লৈ আহিব নোৱাৰিলোঁ।
কথাদিলোঁ ফাগুণত এইবাৰ তোমাৰ দুগালত ৰং সানিম মদাৰৰ।
বৃদ্ধ আশ্ৰমৰ আইতাৰ ওঁঠত লাগি থকা তামোলৰ দাগ,
মোৰ দুগালত লাগি থাকিল।
সৌ গছ ডাললৈ চোৱা,
বেলিটোক সাৱটি ধৰিছে।
কৃতিমতাৰ পোছাক খুলি বৰষুণ আৰু সেউজীয়াৰ
মাজত উদযাপন কৰোঁ আহা প্ৰেমৰ দিন।।
✍️ ধনজিৎ কলিতা