অভিভাৱক আৰু সন্তানৰ ভৱিষ্যত~প্ৰবন্ধ-নিয়ৰ সমীৰ

©Admin
0
আজিৰ  অভিভাৱক সকল নিজ সন্তানৰ ভৱিষ্যতক লৈ অতি চিন্তিত যিহেতু এতিয়া যান্ত্ৰিকতাৰ যুগ এই যান্ত্ৰিকতাৰ প্ৰতিযোগিতাত ভাগলৈ সু ফল দেখুৱাবলৈ 
নিজ সন্তানটিক সৰুৰে পৰা প্ৰস্তুত কৰিতোলা হয় । সকলো পিতৃ মাতৃৰে সপোন থাকে নিজ সন্তানটিক সমাজৰ এজন ভাল ব্যক্তি হিচাপে পৰিগণিত কৰা।  প্ৰায়বোৰ মাক দেউতাকে ভাবে আমাৰ ল'ৰা ছোৱালী চিকিৎসক , অভিযন্তা, অধ্যাপক, প্ৰশাসনিক বিষয়া হওক পঢ়া শুনা কৰি । ইচ্ছাৰ বিপৰীতে নিজ ল'ৰা ছোৱালীক অভিভাৱক সকলে এটি এটি গধূৰ বোজা উঠাবলৈয়ে দিয়া হয়। কিন্তু ,এবাৰলৈ  সোধা নহয় নিজ সন্তানটিৰ ইচ্ছা অনিচ্ছা। বহু ক্ষেত্ৰত দেখা যায় সন্তানটিয়ে  মাক দেউতাকৰ সপোনৰ বাবেই নিজৰ সপোনবোৰক মচি পেলাবলৈ বাধ্য হয় । অন্যহাতে দেখা যায় অভিভাৱক সকলে নিজ সন্তানটিৰ ইচ্ছা অনিচ্ছা বিষয়ে জানিবলৈ চেষ্টা কৰে যদিও সন্তানটিয়ে সেয়া নিজ মাক দেউতাকৰ সন্মুখত প্ৰকাশ কৰিব নোৱাৰে ।সেই বাবেই সৰুৰে পৰাই অভিভাৱক সকলে নিজ সন্তানটিৰ সৈতে বন্ধুত্বসুলভ সম্পৰ্ক স্থাপন কৰাতো প্ৰয়োজন  ।কিয়নো, সন্তানটিৰ যিকোনো সম্যস্যা অভাৱ অসুবিধা সন্তানটিৰ মানসিক স্থিতি বুজাত অসুবিধা নহয় ।  এটি সন্তানে  নিজ ঘৰখনৰ পৰা আহৰণ কৰা শিক্ষা অতি  গুৰুত্বপূৰ্ণ নিজ পৰিয়ালৰ আচাৰ ব্যৱহাৰৰ  ৰীতি-নীতি ইত্যাদি সকলো শিক্ষা পৰিয়াল নাইবা ঘৰখনৰ পৰাই আহৰণ কৰে আৰু এই শিক্ষা কোনো কিতাপৰ পৰা আহৰণ কৰিব নোৱাৰি । আগৰ দৰে  আজিকালি যৌথ পৰিয়াল প্ৰায় শেষ হোৱাৰ পথত ।এটি শিশু নাইবা সন্তানে  যৌথ পৰিয়ালৰ পৰা আহৰণ কৰা জ্ঞান লাভদায়ক এই জ্ঞানে  গোটেই জীৱন ব্যক্তিক প্ৰভাৱাম্বিত কৰে  । কিন্তু , সাম্প্ৰতিক সময়ত যৌথ পৰিয়ালৰতকৈ  গৌণ পৰিয়ালৰ স্থিতি বেছি। যাৰ বাবে আজিৰ সন্তানে নিজ পৰিয়ালটিৰ পৰা আহৰণ কৰিব লগা উপযুক্ত  সম্বল গ্ৰহণ কৰিব পৰা নাই । এটি সৰু পৰিয়ালত কেৱল মাক দেউতাকৰ মাজতেই সন্তানটি সীমাবদ্ধ হৈ পৰে খেলা ধূলা ভ্ৰমণ ইত্যাদিৰ বাবে বন্ধুত্বৰ প্ৰয়োজন হয় লগতে সন্তানটিৰ শাৰিৰীক বিকাশৰ বাবে অভিভাৱক সকলে নিজ সন্তানটিৰ সৈতে খেলা ধূলা কৰাটো অতি প্ৰয়োজনীয় । বৰ্তমান সময়ত দেখা যায় যে আৰ্থিক ভাবে স্বচ্ছলসকলে  নিজ সন্তানটিক কেৱল ঘৰৰ আৱেষ্টনীৰ মাজতেই আবদ্ধ কৰি ৰাখে। ম'বাইল, ভিডিঅ' গেম  ইন্টাৰনেটৰ মনোৰঞ্জনৰ  কৌশল হিচাপে উপহাৰ দিয়ে যাৰ বাবে সন্তানটিয়ে  যিকোনো সামাজিক পৰিবেশত সামাজিক অনুষ্ঠানত নিজকে খাপ খুৱাই ল'ব নোৱাৰে । সেইবাবে বহুতে সমাজৰ ৰীতি-নীতি সম্পৰ্কীয় বিষয়সমূহৰ পৰা আঁতৰত । এই ক্ষেত্ৰত নিজ নিজ সন্তানটিৰ অভিভাৱকসকলৰ দ্বায়িত্ব সামাজিক অনুষ্ঠান  সমাজৰ আচাৰ ব্যৱহাৰৰ সৈতে সন্তানটিক অৱগত কৰোৱাৰ । সন্তানটিক সৰুকালৰ পৰাই জীৱন গঢ়াৰ শিক্ষা ভালকৈ প্ৰদান কৰা নহ'লে  পাছলৈ জীৱনৰ ভেটি গঢ়াত অসুবিধাৰ সৃষ্টি হয়  বহুতো অভিভাৱক সকলে ভাৱে  যে আমি যিদৰে শিকি বুজি দেখি শুনি ডাঙৰ দীঘল হৈছো ঠিক সেইদৰে আমাৰ সন্তানেও নিজে শিকি বুজি  শুদ্ধ অশুদ্ধ বিচাৰ বিবেচনা কৰিব  এয়া এক সম্পূৰ্ণ ভূল ধাৰণা যাৰ ফলত উচিত পথ নেদেখুৱাৰ বাবে সন্তানটিয়ে নিজ জীৱন পথৰ পৰা বিচলিত হ'ব পাৰে  । আগৰ পৰিবেশ আৰু আজিৰ পৰিবেশৰ মাজত আকাশ পাতাল পাৰ্থক্য দেখা যায় অন্যহাতে দেখা যায় যে আজিৰ অভিভাৱক সকলে নিজ সন্তানটিক সাধাৰন ভাৱে ঘৰুৱা কাম কাজ কৰিবলৈ নিদিয়ে যাৰ ফলত সন্তানটি সৰু কাম এটাৰ প্ৰতি সম্যক জ্ঞানৰ অভাৱ হয় । কেৱল কিতাপৰ জ্ঞানেই জীৱনত  যথেষ্ট নহয়  অভিজ্ঞতা সম্পন্ন জ্ঞানৰ আৱশ্যক  সেই হিচাপে নিজ সন্তানটিক মুকলিমুৰিয়াকৈ  কাম কৰিবলৈ দিব লাগে । অভিজ্ঞতাৰ দ্বাৰা  নিজ ভৰিত থিয় হৈ নিজকে যিকোনো  কৰ্মত নিয়োজিত কৰি তুলিব পাৰে। আমাৰ সমাজত প্ৰায় দেখা যায়  কৈশোৰ কালত অভিভাৱকসকলে নিজ সন্তানটিক কঠোৰ শাসন আৰু বাধা প্ৰদান কৰা হয় যিকোনো কামত  । কৈশোৰ  কাল হৈছে দোমোজা কাল । এই সময়ছোৱা  জীৱনৰ আটাইতকৈ কঠিন সময়  এই সময়ত সন্তানৰ মনত  আৱেগ অনুভূতি আদিয়ে ক্ৰিয়া কৰে । এই সময়ছোৱাত বিপৰীতে লিংগৰ প্ৰতি কৌতূহল আৰু আকৰ্ষণৰ  ইত্যাদি বৃদ্ধি পায়  মনত প্ৰেম বিৰহ আদিৰ অনুভৱ হয় ।এই  সময়ত অভিভাৱকসকলে নিজ সন্তানক  কটকটীয়া শাসন ককৰ্থনা কৰাৰ পৰিবৰ্তে সন্তানৰ সৈতে বন্ধুত্ব গঢ়ি  মত বিনিময় কৰাটো আব্যশকীয়। এই কৈশোৰ সময়ছোৱাত কৰা সৰু ভুলে  মানসিক ভাৱে সন্তাটি ভাগি পৰা  দৰে উদাহৰণ আমাৰ সামাজত  দেখা পোৱা যায় । ইয়াৰোপৰি অভিভাৱক সকলে নিজ সন্তানক পঢ়া-শুনা ক্ষেত্ৰত অত্যাধিক বোজা জাপিদিয়ে  আনতকৈ পিছ পৰি ৰোৱা নিজ সন্তানটিক কথোৰ ককৰ্থনা আৰু গালি পাৰিবলৈ বাধ্য হয় লগতে পৰীক্ষা সমূহত অভিভাৱকে বিচৰা ধৰনে সাফল্যতা দেখুওৱাব নোৱাৰাৰ বাবে সন্তানটিয়ে মাক দেউতাকৰ ৰোষৰ বলি হ'ব লগা হয় ।ফলত সন্তানটিৰ আত্মবিশ্বাস ভাগি পৰে নিজৰ প্ৰতি হেয় মনোভাৱ আৰু বিশাদগ্ৰস্হতাই মনত দেখা দিয়ে যাৰ ফলত  সন্তানটি ভাবিবলৈ  বাধ্য হয় নিজ পিতৃ মাতৃৰ আগত লাজ্জিত হোৱাতকৈ আত্মহত্যা কৰাই উচিত বুলি ভাবে  । এনে ঘটনাই অভিভাৱক সকলৰ মাজত সন্তানকলৈ প্ৰত্যাহ্বান পূৰ্ণ হৈ পৰিছে গতিকে অভিভাৱকসকলে সন্তানৰ বিফলতাৰ দিনটোক গুৰুত্ব প্ৰদান নকৰি বিফলতাৰ পৰা কেনেদৰে সফলতালৈ নিজ সন্তানটিক নিব পাৰি তাক লৈ চিন্তিত হোৱা উচিত। সন্তানটিৰ পিতৃ মাতৃয়ে  এইটো জনাটো আৱশ্যক যে ভগৱানে প্ৰতিগৰাকী ল'ৰা ছোৱালীক বেলেগ বেলেগ ধৰনে পৃথক পৃথক প্ৰতিভাধাৰী হিচাপে সৃষ্টি কৰিছে। নিজ সন্তানটি কি বিষয়ত আগ্ৰহী পাৰ্গত প্ৰতিভাসম্পন্ন এই দিশসমূহ অভিভাৱকে নিজেই  বিচাৰি উলিয়াব লাগিব যাৰ বাবে প্ৰয়োজন হয় সন্তানটিৰ মতামত । গুৰুত্বপূৰ্ণ সহকাৰে সন্তানৰ মতামত শুনাটো আৱশ্যক সুস্হ আলোচনাৰ মাজেৰে  ভাল বেয়া দুয়োটা দিশ সামৰি সন্তানটিয়ে নিজেই সিদ্ধান্ত লবলৈ উৎসাহ যোগাই তুলিব লাগে  অভিভাৱক সকলে ‌। নিজ সন্তানটিৰ প্ৰতিটো খোজতেই মাক দেউতাকৰ প্ৰেৰণা উৎসাহ উদ্গনিৰ আৱশ্যক। প্ৰত্যেকটি সন্তানেই মাক দেউতাকৰ পৰা উপদেশতকৈ আৰ্হি বিচাৰে যাতে নিজ জীৱনত অন্তঃকৰণেৰে  গ্ৰহন কৰিব পাৰে । এনেধৰনৰ দিশবোৰ ওপৰত অভিভাৱক সকলে নিষ্ঠা আৰু সততাৰে গুৰুত্ব আৰোপ কৰিলে নিশ্চয় নিজ সন্তানটিৰ ভৱিষ্যতকলৈ  হতাশাত ভুগিব লগা পৰিলক্ষিত নহ'ব আৰু নিজ সন্তানটিয়ে জীৱন পথত স্বাৱলম্বী হোৱাৰ পৰা কেতিয়াও বিচলিত নহ'ব ।

 ✍️নিয়ৰ সমীৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)