গ্ৰন্থালোচনা-মোৰো এটা সপোন আছে~দিপশিখা ৰাজকোঁৱৰ

©Admin
0
গ্ৰন্থ আলোচনা ঃ 'মোৰো এটা সপোন আছে':

 নমস্কাৰ মই এখন অতি মূল্যৱান গ্ৰন্থৰ বিষয়ে গ্ৰন্থ আলোচনা কৰিবলৈ আগবাঢ়িছো। মই যিখন গ্ৰন্থ অধ্যয়ন কৰিছিলো সেই গ্ৰন্থ খনৰ লেখক ডঃ ৰুবুল মাউত।  
           বৰ্তমান ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ স্কুল অৱ মেডিচিনত গৱেষণাৰত ৰুবুল মাউতে শৈশৱ যৌৱনত দৰিদ্ৰতা আৰু নানান প্ৰতিবন্ধকতাৰ বিৰুদ্ধে অশেষ সংগ্ৰাম কৰিও এদিন আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশ্ববিদ্যালয়ৰ পৰা আধুনিক জীৱবিজ্ঞানৰ এক যুগান্তকাৰী আৱিষ্কাৰ জিন এডিটিংৰ বিষয়ত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰে। উল্লেখনীয় যে মানৱ  কোষৰ ত্ৰুটিপূৰ্ণ জিন সম্পাদনাৰ যোগেদি মানৱ সভ্যতাৰ পৰা সহস্ৰাধিক জিনেটিক ৰোগ নিৰ্মূল কৰাৰ সংকল্পৰে গৱেষণা কৰি থকাৰ সময়তে ৰুবুল মাউতৰ  দেউতাকে আকোঁৱালি লয় এক দুৰাৰোগ্য জিনেটিক ৰোগক।
            এইজন অসম সন্তান বিখ্যাত গৱেষকজনৰ গ্ৰন্থখনৰ নামটো হয়তো জানিবলৈ আপোনালোকৰ মনটো উচপিচাই আছে। কিতাপখনৰ নাম 'মোৰো এটা সপোন আছে।' গ্ৰন্থখন মূলতঃ এখন আত্মজীৱনীমূলক গ্ৰন্থ। ইয়াত সন্নিৱিষ্ট হৈছে-কঠোৰ সংগ্ৰামেৰে পাৰ কৰা ৰুবুল মাউতৰ শৈশৱ-কৈশোৰ তথা জীৱনৰ ঘাত -প্ৰতিঘাত,আমেৰিকাত কৰা বৈজ্ঞানিক উদ্ভাৱন আৰু শয্যাগত পিতৃৰ সৈতে সম্পৰ্কিত সংবেদনশীল কাহিনী।
             তেখেত এজন বিখ্যাত গৱেষক। গৱেষণাৰ বিষয় প্ৰ'টিন আৰু জিনেটিক ইঞ্জনিয়াৰিং। মানৱ কোষৰ ভিতৰত থকা কোষীয় উপাংগ 'প্ৰটিয়জম'ৰ পুন:নিৰ্মাণৰ যোগেদি বিভিন্ন জিনেটিক ৰোগ নিৰ্মূল কৰাৰ অৰ্থে তেওঁ গৱেষণাৰত। ইয়াৰ পূৰ্বে নেন প্ৰযুক্তিৰ প্ৰয়োগেৰে কোষৰ ভিতৰৰ জিন সম্পাদনাৰ এক নতুন পদ্ধতি উদ্ভাৱন কৰি তেখেতে সন্মান লাভ কৰিছিল। উল্লেখনীয়,Nature nanotecnology, nature chemistry,ACS nano আদি জাৰ্নেলত ত্ৰিশৰো অধিক গৱেষণা পত্ৰ প্ৰকাশৰ উপৰি তেওঁৰ গৱেষণাই আন্তঃৰাষ্ট্ৰীয়  বিজ্ঞান মাধ্যম যেনে_American chemical Society feature video,lab TV,Studio documentary আদিৰ যোগেদি লাভ কৰিছে। ধূসৰতাত সংহত শ্ৰৱণৰ পিছত 'মোৰো এটা সপোন আছে' তেখেতৰ দ্বিতীয়খন প্ৰখ্যাত গ্ৰন্থ। এই গ্ৰন্থখনত ৰুবুল মাউতৰ জীৱনৰ বিষয়ে উল্লেখ কৰিছে। তেখেতে কেনেদৰে দৰিদ্ৰতাৰ সীমা নেওচি আহি জীৱনত সফলতাৰে আগবাঢ়িছিল। সেইকথা উল্লেখ আছে।
              এই গ্ৰন্থখন অধ্যয়ন কৰি মোৰ বৰ ভাল লাগিল। গ্ৰন্থখনৰ প্ৰতিটো পৃষ্ঠাই যেন মোক কৈ যায় সপোন দেখিবলৈ শিকা। গ্ৰন্থখনৰ পৰা কিবা এক বুজাব নোৱাৰা আমেজ পালো। প্ৰতিটো পৃষ্ঠাৰ পৰা নজনা কথাৰ সম্ভেদ পালোঁ।
             মই চমুকৈ তেখেতৰ বিষয়ে উল্লেখ কৰা কাহিনীটো উল্লেখ কৰিব বিচাৰিছো।
**ৰুবুল মাউতৰ পৰিয়ালত মাক, দেউতাক , বায়েক, ককায়েক, আৰু ভায়েক দুজন আছিল। পৰিয়ালটো দৰিদ্ৰ আছিল যদিও বহুত সুখী আছিল। সদায় মিলাপ্ৰীতিৰে জীৱন কটাইছিল।
             তেখেত পঢ়াত অতি মেধাৱী আছিল।আৰু পৰীক্ষা আহিলে তেখেতৰ মন ৰোমাঞ্চিত হৈ উঠিছিল। সেয়েহে পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰিছিল। মেধাৱী আছিল বাবেই ওপৰৰ শ্ৰেণীত অংক কৰিবলৈ শিক্ষকে লৈ গৈছিল। গ্ৰন্থ খন অধ্যয়ন কৰি  তেখেতৰ জীৱনৰ বিষয়ে জানিব পাৰিছো। গ্ৰন্থখনত বিশেষকৈ মাউতৰ দৰিদ্ৰতাৰ সীমা নেওচি আমেৰিকাৰ বিশ্ববিদ্যালয়লৈ যোৱাৰ কাহিনী।  তেওঁলোকৰ গাঁওখন  বৰ উন্নত নাছিল। ৰাস্তা-পদূলি ভাল নাছিল, বিজুলী নাছিল। তথাপি তেওঁ আগুৱাই গৈছিল। তেখেতে সদায় ৰাতিপুৱা সোনকালে শুই উঠি কিতাপ পঢ়িছিল আৰু দেউতাকক পথাৰত সহায় কৰিছিল। তেখেতে কম বয়সতে খেতি কৰিছিল আৰু শাক -পাচলি সমূহ বজাৰত বিক্ৰী কৰি ঘৰৰ প্ৰয়োজনীয় বস্তু বিলাক আনিছিল।গাঁৱৰ মানুহবোৰে নিজৰ সন্তানক মাউতৰ উদাহৰণ দি কয়-ৰুবুলে ঘৰতো কাম কৰে পঢ়িবলৈও পাৰে।
                ৰুবুল মাউতৰ পৰীক্ষাৰ সময়ত দেউতাক চিন্তিত হৈ পৰিছিল কিয়নো তেওঁলোকৰ জীৱনতো আছিল পথাৰৰ কোনো এডৰা মাটিত ভেটি থোৱা পানীৰ দৰে, ঠিক ঠেক পৰিসৰৰ দৰে, তেওঁলোকৰ জীৱনৰ মূল শ্ৰম যন্ত্ৰণা সকলো প্ৰোথিত হৈ আছিল গাঁৱৰ জীৱনতে। পৰিত্ৰাণৰ পথ নাছিল।পাৰ ভাঙি বন্দী পানীক নদীলৈ বোঁৱাই দিব পৰাটোৱেই তেওঁলোকৰ পৰিত্ৰাণৰ একমাত্ৰ পথ আছিল। তাৰপাছত তেখেতে মেট্ৰিক পৰীক্ষা সুখ্যাতিৰে উত্তীৰ্ণ হয়। তিনিচুকীয়াত উচ্চ শিক্ষাৰ বাবে যায়।তাত অধ্যয়ন কৰা সময় ছোৱাত ঘৰ ভাড়া, খোৱা-বোৱা, কিতাপ পত্ৰ আদিৰ বাবে পঁইচা দিবৰ বাবে ঘৰৰ গৰু , ছাগলী,আনকি মাটি বন্ধকত থৈ পইচা পঠিয়াইছিল। ইমানতো নোজোৰাত তেওঁ ককায়েকৰ লগত নকৰিব লগীয়া কাম কৰি পঢ়াৰ খৰছ উলিয়াইছিল। এনেদৰেই তেখেতে নিজৰ সপোন দিঠকত পৰিণত কৰিছিল। তেখেতে ছায়েণ্টিফিক অফিচাৰ হিচাপে যোগ দিয়া বিভাগটো আছিল Department of biological sciences ডি বি এছ। তেখেতৰ গৱেষণাৰ বিষয়-মানৱ কোষৰ ক্ৰটিপূৰ্ণ জিন সম্পাদনাৰ যোগেদি মানৱ সভ্যতাৰ পৰা সহস্ৰাধিক জেনেটিক ৰোগ নিৰ্মূল কৰা। এনেদৰেই তেখেতে গৱেষণা কৰি উজ্জ্বলি উঠিছিল আৰু ঘৰৰ অবস্থা ভাল কৰিছিল। কিন্তু তেখেতৰ বিবাহৰ কেইদিনমানৰ পাছতে দেউতাকৰ মৃত্যু হয়। গ্ৰন্থখনৰ চমু কাহিনী ইমানেই।
               *******স্তৱকঃ***
১/যি ল'ৰা-ছোৱালীয়ে হাজাৰ প্ৰতিকূলতাকো নেওচি দায়িত্ব সহকাৰে নিজৰ কাম কৰি গৈছে, তেওঁলোকেই মানৱ সমাজৰ আচল সম্পদ। তেওঁলোকৰ গাঁওখন উন্নতি নোহোৱাৰ মানে নাই। জীৱনৰ দুৰ্যোগৰ মূহুৰ্তত এই গভীৰ কথাষাৰকে তেখেতে বাৰে বাৰে আঁওৰাবলৈ চেষ্টা কৰে।
২/আনে পঢ়ালে আনে দেখুওৱা বাটেৰে গ'লে কেৱল আনে দেখা ঠাইহে চাব পাৰি। নতুন ঠাই, নতুন উৎঘাটন , আৱিষ্কাৰ কৰিব নোৱাৰি। কিন্তু বিজ্ঞানৰ উদেশ্যে হ'ল নতুন আৱিষ্কাৰ, নতুন উৎঘাটন।
৩/তেওঁ সদায় সপোন দেখিছিল এখন কষ্টহীন মনোৰম পৃথিৱীৰ।
৪/মানুহৰ জীৱনলৈ এনে কিছুমান দিন আহে, যিবোৰ দিন জীৱনত কেতিয়াও পাহৰিব নোৱাৰি। কিন্তু এনে দিন খুব কম আহে যিয়ে আমাৰ জীৱনটোক সলনি কৰি থৈ যায়।
          তেখেতে ট্ৰেজাৰ হান্ট নামৰ এবিধ খেলৰ বিষয়ে উল্লেখ কৰিছে ঃ
*ধৰক ক'ৰবাত এটা মূল্যৱান সম্পদ লুকুৱাই থোৱা হৈছে। আৰম্ভণিতে সেই মূল্যৱান সম্পদটো কি নাজানে। আপুনি সেইটো বিচাৰি উলিয়াব লাগে। বিচাৰি উলিয়াব কেনেকৈ। আপোনাক এটা ক্লু অথবা কাগজৰ টুকুৰা এটাত কিছুমান তথ্য দিয়া হৈছে।এই তথ্যৰে আপুনি পৰবৰ্তী ক্লু আৰু এইদৰেই গৈ গৈ শেষত আপুনি লুকুৱাই থোৱা সম্পদটো বিচাৰি উলিয়াব।
             জীৱনটো ঠিক তেনেকুৱাই। আৰম্ভণিতে এটা লক্ষ্য থাকে। সেই লক্ষ্যত উপনীত হোৱাৰ পাছত নতুন সুযোগ আহে।ফলত নতুন লক্ষ্যত উপনীত হোৱাৰ আকাংক্ষা জন্মে। এইদৰে লক্ষ্য খেদি খেদি গৈ থাকোঁতে শেষত আপুনিও এটা মহা মূল্যৱান সম্পদ পাই যাব পাৰে।মনত ৰাখিব লক্ষ্যৰ পৰা বিচলিত হ'লেই আপুনি সেই মহা মূল্যৱান সম্পদটি আয়ত্ত কৰাৰ পৰা বঞ্চিত হ'ব পাৰে।
         সদৌশেষত এটি কথাৰে সামৰিছো-জীৱনত আমি ক'ৰ পৰা আহিছোতকৈ ডাঙৰ কথা বৰ্তমান আমি কি কৰিছোঁ। উদ্যোগপতি বিল গেটছে কোৱাৰ দৰে দুখীয়া হৈ জন্ম লোৱাটো আমাৰ দোষ নহয় । কিন্তু দুখীয়া হৈ মৃত্যু হোৱাটোহে আমাৰ দুখ।

          শেষত সকলোৱে গ্ৰন্থ খন অধ্যয়ন কৰিব বুলি আশা ৰাখিলোঁ

✍দিপশিখা ৰাজকোঁৱৰ।
একাদশ শ্ৰেণী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)