হঠাতে উচুপি উঠিল তাই, সকলো খেলিমেলি হৈ গ' ল।জীৱনটোক উপভোগ কৰা হাজাৰটা ইচ্ছা, ডাঙৰ মানুহ হোৱাৰ অযুত সপোন নিমিষতে ধোঁৱা হৈ উৰি গ'ল ।ডেৰবছৰীয়া কণমানি ভায়েকৰ সমস্ত দায়িত্ব দি মাক দেউতাক দুয়ো গুচি গ'ল অচিনাকী দেশলৈ।অপৈণত বয়সতে তাই হৈ পৰিল ভায়েকৰ বাবে মাক-দেউতাক সকলো।দায়িত্ব নামৰ সাপডালৰ মেৰপাকত সোমাই পৰিল তাইৰ জীৱনৰ টুলুঙা নাওখন ।
✍পম্পী দুৱৰা
শিৱসাগৰ, নামতি
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ