দুৰ্বোধ্য জীৱন~দেৱশ্ৰী ওজা বৰা

Rinku Rajowar
0
বেলিটোৱে পশ্চিম দিশত মাৰ যাবলৈ লওতেই ঘটনাটোৰ সুত্ৰপাত ঘটিল ৷ ক’ৰ পৰা কেনেকৈ নাজানো , মাত্ৰ মানুহ বিলাকে কোৱাকুই ক’বলৈ ধৰিলে ভালেই হ’ল দিয়া ৷ মানুহজনে কিমান দুখ সহ্য কৰিব আৰু ৷ 
    দুটাকৈ ল’ৰা সন্তান জন্ম দি, সিহঁতৰ বাবেই জীৱন উৰ্চগা কৰা বৃদ্ধ শিক্ষকজনে আজি দুৰ্ঘটনাত পতিত হৈ মৃত্যু হ’ব লগা হ’ল অ ৷ বৰ দুখেৰে প্ৰথমে সংসাৰ চলাবলগীয়া হৈছিল তেখেতে ৷ তাৰ পিছত আকৌ জীৱন যুজত তেখেতৰ ইমান সংগ্ৰাম ৷
 
    বিনাবেতনেৰে সুৰ্দীঘ পোন্ধৰটা বছৰ ভেন্সাৰ স্কুলৰ শিক্ষকতা কৰিছিল তেখেতে ৷ যদিও তাৰ মাজতেই সংসাৰৰ পৰিকল্পনা কৰি বিবাহ পাশত আবদ্ধ হৈছিল তেখেত ৷ লাহে লাহে সংসাৰ বাঢ়ি আহিল ৷বেমাৰী মাকৰ সৈতে ,দুটা ল’ৰা সন্তান , কিদৰে ডাঙৰ কৰিব তেখেতে ৷ এদিন তেওঁ সন্ধিয়া ঘৰৰ পৰা পাচলিকেইটামান নি তিনিআলিটোতে বহিব ধৰিলে ৷ আবেলি সদায় তেখেতে তেনেদৰেই ওলাই বজাৰ কৰি সংসাৰ চলাব ধৰিলে ৷ সুৰ্দীঘ পোন্ধৰটা বছৰৰ পিছতে তেওঁ চাকৰিটো   চৰকাৰী কৰণ হ’ল ৷ তিনিবছৰ মানৰ পিছতেই  মাকে এই সংসাৰৰ পৰা চিৰবিদায় মাগিলে ৷ 
  
     শিক্ষকতাৰেই তেওঁ আগুৱাই গৈ নিজৰ কষ্টৰ কথা পাহৰি থকিল ৷ তেখেতে ল’ৰা দুটাৰ বাবেই গোটেই কষ্টৰ টকা শেষ কৰিলে ৷ সিহঁত পঢ়ি শুনি ভাল হ’ব বুলিয়েই সকলো টকা শেষ কৰিলে ৷ জমাৰ নামত এটা টকাও নাই ৷ 
  
      শেষত ল’ৰাহঁতৰ ভাল চাকৰি হ’ল ৷ সিহঁত ভাল মানুহ হ’ল ৷ তেখেতৰো আজি কালি বৰ ফুটনি ৷ ক’ৰবালৈ গ’লে ল’ৰাহতৰ , বোৱাৰীহতঁৰ কথা নোকোৱাকৈ তেখেতে কথাই নকয় ৷ কিন্তু সিহঁতে চাকৰি সূত্ৰে ঘৰৰ পৰা বাহিৰত থাকে যদিও গাঁৱলীয়া হোৱাৰ বাবেই মাক - দেউতাকক এদিনৰ বাবেও চহৰলৈ নিনিয়ে ৷ কোনটো ল’ৰাই নিব ? ডাঙৰটোৱে নিবনে সৰুটোৱে নিব ?যদিও আজি কালি সভা সমিতিলৈ তেখেত যায় আজি কালি ল’ৰা বোৱাৰীৰ কথা কমকৈ কয়  ৷ সম্ভৱ কোনোবাই ইতিকিং কৰিব বুলি কমকৈ কয় ।তথাপিও দেউতাকে যে সুবিধা বুজি উলিয়াই পুত্ৰ- বোৱাৰীৰ কথা ৷
   
       এদিন তেখেতেৰ পৰিবাৰৰ মৃত্যু হ’ল ৷ তথাপিও সেই সকামৰ দিনকেইটাত পুত্ৰ বোৱাৰীৰ কথা কাণ্ড দেখি তেখেতৰ মনত কিবা কিবি ভাবে দোলনি দিব ধৰিলে ৷ সকাম যোৱাৰ পাছদিনাই পুত্ৰ বোৱাৰী ঘৰৰ পৰা গ’ল ৷ সেইযে গ’ল আজিলৈকে নাহিল ,ফোনটো খবৰ নলয় তেখেতৰ ৷ লাহে লাহে তেওঁৰ কথাৰ ভুল হ’বলৈ ধৰিলে ৷ সেইদৰেই তেওঁ মানসিক ৰোগীলৈ পৰিৱৰ্তন হ’ল ৷ কোনোৱেও খবৰ নোলোৱা হ’ল তেখেতৰ ৷ শিক্ষক বুলি ৰাস্তাত কোনোবাই কিবা দিয়ে যদিও তেওঁৰ আচহুৱা আচৰণৰ বাবে মানুহ কাষচাপি নহা হ’ল ৷ 

   এদিন এনেকৈয়ে তেওঁ কেনেবাকৈ ৰাস্তাত গাড়ীৰ আগত পৰি মৃত্যু হ’ল ৷ আৰু সেই কৰুণ মৃত্যুৱে সকলোকে কন্দুৱাই পেলালে আৰু যিখন গাড়ীৰ খুন্দাত তেখেতৰ মৃত্যু হ’ল সকলো সকামৰ কাম গাড়ীৰ মালিকৰ ল’ৰাটোৱেই কৰিলে ৷ ল’ৰা দুটালৈ   একোৱেই কামেই  নাথাকিল ৷

🖋️দেৱশ্ৰী ওজা বৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)