কামাকাজি~চুটিগল্প-চুমিন্দ্ৰ চৌধুৰী

©Admin
0
কাঠচুৰিৰ অপৰাধত ছমাহ জেলৰ ভাত খাই দেবেন আজি সদৰৰ পৰা গাওঁ পালেহি ৷ লাজ আৰু অপমানত সি দিনটো ঘৰৰ ভিতৰতে সোমাই আছিল ৷ সন্ধিয়া চকা ডুবাৰ কিছুসময়ৰ পাছতেই সিহঁতৰ পুৰণি আড্ডাৰ চাৰি পাণ্ডৱ আহি দেবেনৰ ঘৰত হাজিৰ হ'ল ৷ দেবেন , জীৱন , খৰ্গেই , বেনু আৰু কীৰতি পাঁচোজনৰ সৰুৰে পৰা মিলাপ্ৰীতি দেখি গঞাই সিহঁতক পাঁচ পান্ডৱ বুলি মাতিছিল ৷
পাছে এসময়ৰ বুকুৰ কুটুম কেইজনক দেখি বিতৃষ্ণাত দেবেনৰ নাক কোঁচ খাই আহিল ৷ তথাপিও সি সৌজন্যতাৰ খাতিৰত সিহঁতক বহিবলৈ দিলে ৷ তাৰ লগত সিহঁতে ইটো সিটো কথা পতাৰ পাছতেই বেনুৱে গল খেকাৰি মাৰি আৰম্ভ কৰিলে , বোলো যি হ'ব লগা আছিল হ'ল ৷ আমি এটা বেলেগ কাম আৰম্ভ কৰিছো ৷ তোকো আমি অংশীদাৰ কৰিব বিচাৰো ৷
কথাৰ মাজতে হঠাত বেনুক বাধা দি দেবেনে ক'লে , ছমাহ কাৰাবাসত থাকোঁতে জেলত এখন কিতাপ পঢ়িছিলো ৷ দেবেনৰ কথাষাৰ শুনি চাৰিওটাই অবাক হৈ তাৰ ফালে চকু ডাঙৰ কৰি চালে ৷ কিন্ত দেবেনে সিহঁতলৈ ভ্ৰুক্ষেপ নকৰি কৈ গ'ল , ১২৪০ খ্ৰীষ্টাব্দত এবাৰ চীন দেশৰ নৌসেনাই জাপানক চাৰিও ফালৰ পৰা আগুৰি ধৰি আক্ৰমণৰ কাৰণে উদ্ধত হৈ পৰিছিল ৷ কিন্ত চীনা সৈন্যৰ আক্ৰমণৰ আগতেই এজাক টাইফুন ধুমুহাই জাপানৰ পোতাশ্ৰয়ৰ লগতে পাৰ্শ্বৱৰ্তী এলেকা সমূহৰ বিস্তৰ ক্ষতিসাধন কৰি পেলালে লগতে চীনা সৈন্যইয়ো ছত্ৰভঙ্গ দিলে ৷ ধুমুহা জাকে জাপানৰ বিস্তৰ ক্ষতি সাধন কৰিলে যদিও চীনা সৈন্যৰ অভাৱনীয় আক্ৰমণৰ পৰা ৰক্ষা পৰিল ৷ জাপানী সকলে সেই টাইফুন ধুমুহা জাকক আজিও পৱিত্ৰ বতাহ মানে কামাকাজি বুলি স্মৰণ কৰে ৷
কাঠৰ কাৰবাৰটো যে দৰাচলতে বেআইনী আছিল তহঁতি মোক এবাৰো গমেই পাবলৈ নিদিলি ৷ কাৰণ তহঁতেও জানিছিলি যে বেআইনী বুলি গম পালে মই কাহানিও সেই কামত হাত নিদিলোহেঁতেন ৷ আৰু মোৰ অবিহনে তহঁতে কাঠৰ কুন্দা বিক্রী কৰা অনুমতি নাপালিহেঁতেন ৷ জীৱনত বহুত দুষ্টামি হে কৰিলো কিন্ত অপৰাধ কৰা নাছিলো ৷ ভগৱানে এইবাৰলৈ ইমানতেই বচালে ৷ লগতে আগন্তুক সময়ৰ কাৰণে সতৰ্ক কৰিও গ'ল ৷   
         পাৰ হৈ যোৱা ধুমুহা জাকে মোৰ জীৱনবৃক্ষৰ ডাল পাত সৰুৱাই গ'ল যদিও ঘাই শিপাডাল উভালিব নোৱাৰিলে ৷ এই ধুমুহা জাকো আচলতে মোৰ জীৱনৰ স্মৰণীয় কামাকাজি ৷

দেবেনৰ মুখৰ কথাখিনি শুনি তাৰ এসময়ৰ বুকুৰ কুটুম চাৰিও পাণ্ডৱ হুৰহুৰাই বহাৰ পৰা উঠি গুছি গ'ল ৷


✍🏻চুমিন্দ্ৰ চৌধুৰী 
নতুন দিল্লী ৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)