নীলা খামৰ চিঠি~ভাগ্যশ্ৰী পাছনী

©Admin
0
মৰমৰ 
            মনোজিত (পুপু)
চিঠিৰ দ্বাৰা তোমাক মৰম আৰু শুভকামনা দিলো । কুশলে থাকা সদায় । 
          জীৱনত প্ৰথমবাৰৰ বাবে কাগজ কলম হাতত তুলি লৈছোঁ । মনৰ কথাবোৰ
 চিঠিৰ দ্বাৰাই প্ৰকাশ কৰিবলৈ ।
       আজিও মনত আছে সেই দিনটো , যিদিনা আমি প্ৰথম ফোনত কথা পাতিছিলো । কৰ্মসূত্ৰে প্ৰথম দিনা দেখা নাছিলো যদিও , পিছৰ দিনা দেখাত মনত শংকাৰ ভাব জাগিছিল । 
         লাহে লাহে আমাৰ কথা পতা ইটো সিটোকৈ আগ বাঢ়িছিল । নাজানো! মনত কি হৈছিল ? লাহে লাহে তোমাক কিবা মোৰ বহুত ভাল লগা হৈছিল ।
     মনটোৱে মাথোঁ তোমাক দিনটোত এবাৰ চাবলৈ বিছাৰি ফুৰিছিল । হয়তু সেয়াই প্ৰেমৰ আৰম্ভণি আছিল ।
      সময় বাগৰিল , লাহে লাহে তোমাৰ লগত কিছুমান কথা আলোচনা কৰিব ধৰিলোঁ ।
তুমিও সঁহাৰি দিব ধৰিলা । 
প্ৰতিটো ক্ষণত তুমি মোক গাইড কৰিবলৈ ল'লা । 
তোমাৰ কিছুমান কথা মোৰ ভাল লগা নাছিল , যেতিয়া তুমি বেলেগৰ লগত কথা পাতা মই কষ্ট পাইছিলো । বেয়া লাগিছিল যদিও তোমাৰ কাৰণে মোৰ ভালপোৱা এক পক্ষীয় আছিল ।
       লাহে লাহে তোমাৰ আচৰণ , ব্যৱহাৰ দেখি মোৰ এনে অনুভৱ হৈছিল তুমিও যেন মনতে মোক ভাল পোৱা ।
     লাহে লাহে আমাৰ ফোনত কথা পতা আৰম্ভ হৈছিল... লাহে লাহে সৰু সৰু কথাত খং অভিমানো কৰিবলৈ ল'লো...আমাৰ মাজত এটা মিঠা সম্পৰ্ক গঢ়ি উঠিছিল ।
    হয়তু সেই সম্পৰ্কটোৰ নামেই ভাল পোৱা । এনেদৰেই সাত মাহ পাৰ হৈ গৈছিল , কিন্তু ভাল পোৱাৰ প্ৰস্তাৱ কোনেও কাকো দিয়া নাছিলোঁ ।
    অৱশেষত ২০২০ৰ জুন মাহত তুমি মোক ভালপোৱা কথা খুলি কলা আৰু মইও যেন সেই দিনটোৰ বাবেই অপেক্ষাত আছিলো । অপেক্ষাৰ অন্ত পেলাই কৈছিলা তুমি আৰু সেই কথা শুনি এক বুজাব নোৱাৰা সুখ পালো । এক বুজাব নোৱাৰা আনন্দ । 
    সেই দিনটোৰ পৰা এতিয়ালৈকে আমি একেলগে আছোঁ । নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যেন আমি সদায় একেলগে থাকিব পাৰো। ইটো সিটোৰ সাহস হৈ থাকিব পাৰো । তোমাৰ প্ৰতিটো সপোন , আশা পূৰণ হওঁক ।
          
       প্ৰতিক্ষণ তোমাৰ লগত থকাৰ প্ৰতিশ্রুতিৰে...
                  
         তোমাক অলেখ ভালপোৱা
          তোমাৰ মৰমৰ অভিমানি ধুনু জনী । 

✍🏻ভাগ্যশ্ৰী পাছনী
 যোৰহাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)