মই গৈ আছোঁ~কবিতা-মানস প্ৰতীম মালী

©Admin
0
মই গৈ আছোঁ ,
ক'লৈ নাজানো 
মাথোঁ গৈ আছোঁ । 


আজিকালি খুব ধুনীয়া ধুনীয়া
সপোন দেখোঁ ,
কিয় নাজানো ,
জীৱনটোত মাথোঁ 
দুখবোৰকেই নিজৰ 
আপোন বুলি ভাবিছিলোঁ ।


এতিয়া সুখৰ 
সন্ধানত গৈ আছোঁ ।
কিন্তু উভতি আহিব লাগিব ,
বহুতো দুখক সংগী কৰি । 


বুকু ডাঠ কৰি 
মাথোঁ গৈ আছোঁ । 
সকলো দুখকেই নেওঁচি মাথোঁ 
সুখৰ সন্ধান কৰি গৈ আছোঁ ।


দুখবোৰে কাঁইট হৈ 
বিন্ধি আছে , 
কাকো কবওঁ নোৱাৰোঁ ,
হৃদয়খন যে দুখেৰে 
ভৰি আছে ।


মাথোঁ অপেক্ষা কৰি 
সুখৰ সন্ধান কৰি
মই গৈ আছোঁ । 
দুখেৰে ভৰি থকা হৃদয়খনত 
অকণমান সুখক ঠাই দিবলৈ 
চেষ্টা কৰি আছোঁ ।

✍️ মানস প্ৰতীম মালী । 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)