চোতালৰ দূবৰি মই~হেমেন হাজৰিকা

©Admin
0
   নঙলা খুলি
   সোমাই আহিল
   মোৰ চোতাললৈ
  গৌৰবোজ্বল এচমকা পোহৰ 
   শব্দৰ বৰষুণত 
   জীপাল হোৱা
   স্বৰ্গৰ বতৰা দিয়া
   দূবৰিয়ে কয় ---
   মই যে চোতালত গজা
   দুভৰিৰ গছকত মৰা
   সেউজ দলিচা   |

   তেওঁ চাই যায়
   তুমি চুই চোৱা
   ভূল ভাগিলেহে গম পাওঁ
   মৰম কণিকা নহয় সেয়া
  মই যে সৰু বন বনৰীয়া  |

   মোহনীয়া অনুপমা দ্বীপত
   পোহৰত উদ্ভাষি উঠা 
   চোতালৰ জোনাকি মেলত
   পঢ়িম আকৌ
   আমাৰ হেপাহৰ 
   বুঢ়ী আইৰ সাধু   ||

       🖋️হেমেন হাজৰিকা
              মিৰ্জা
      

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)