এখন কাঁহীৰ প্ৰয়োজন~ডলী গোস্বামী

Rinku Rajowar
0
পাৰিবানে  বনাবলৈ,,
এখন কাঁহীৰ প্ৰয়োজন 
সমিলমিলে বহি খাবলৈ
এসাঁজ শান্তিৰ ভাত ,হিন্দু-মুছলমান শীষ-খ্ৰীষ্টান
একে কাঁহীত খাবলৈ ,

যত  ৰাজনীতিৰ বতাহজাকে 
সোমাই  নষ্ট  কৰিব নোৱাৰিব
ভাতৃত্ব পৰিবেশ ,
সকলোৱেই কৈ উঠিবলৈ 
ভাতৃত্বৰ গৌৰৱৰে 
মইয়ে  হিন্দু, মইয়ে মুছলমান, 
মইয়ে শীষ ,মইয়ে খ্ৰীষ্টান
ইয়াত নাই কোনো ভেদাভেদ 
এইখন  একেখন  আমাৰ দেশ ,

পাৰিবানে বনাবলৈ,,
এখন  ডাঙৰ কাঁহীৰ প্ৰয়োজন 
ৰাখিবলৈ দেশৰ মাজ মজিয়াত  
সমিলমিলে  বহি খাবলৈ 
এসাঁজ শান্তিৰ ভাত , 
জীয়াই  থাকিবলৈ  মানুহ হৈ
জীয়াই  ৰাখিবলৈ এক সৱল মানৱতা 
যুঁজিবলৈ একে আইৰ সন্তান হৈ 
ইজনে -সিজনৰ  ভাতৃত্বক বুকুত  বান্ধিলৈ ,
ইজনে সিজনৰ বাবে 
মৃত্যুকো  জানিবলৈ  ,

আগবাঢ়ি  যাবলৈ সকলো একেলগ 
এক বলিষ্ঠ  ভাতৃত্বৰ  পৰিচয়লৈ 
এক আছুতীয়া  সভ্যতাৰ  প্ৰতীক হৈ 
পাৰিবানে  বনাবলৈ  !
এখন ডাঙৰ কাঁহীৰ প্ৰয়োজন  ।।

🖋️ডলী গোস্বামী
     তেজপুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)