বিষাদ-কংকনা ডেকা

©Admin
0
তামস আকাশৰ তলত
মেঘাচ্ছন্ন পৰ্বতৰ মোহনাত;
স্বপ্নীল সঞ্জীৱনী অভ্ৰভেদী কান্দোনৰ
কোলাহলবোৰ শুনিবলৈ যে এতিয়া
মোৰ মৃত্যুপীয়াসী হৃদয়ে এক বিষাদ অনুভৱ কৰিছে।
     তোমাৰ সান্নিধ্যত জাগ্ৰত হোৱা;
মোৰ প্ৰেৰণাৰ বন্তি গচিও যেন
এতিয়া এক নিৰাশাৰ
সন্ধিয়া ধৰালৈ নমাই আনিবলৈ
কুণ্ঠাবোধ নকৰে।
                      সময়েও যে
এতিয়া সভ্যতাৰ আধুনিকীকৰনৰ ধামখুমীয়াতে মাতাল!!!
             বিস্তাৰ জ্ঞানৰ ব্যাপক প্ৰসাৰ লোভী
পাষান সভ্যতাবোৰত কেতিয়াবা নিজকে
হেৰুৱাৰ বিষাদে ও যেন
উদ্দীপ্ত বিপ্লৱৰ আৰাধনাত
নিমজ্জিত হৈ চকুলো
বোৱাই আনে।।।
        
✍️কংকনা ডেকা
তৃতীয় ষাণ্মাসিক
কামৰূপ মহাবিদ্যালয়, চামতা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)