সিহঁত যেনিবা শুকাই যোৱা কুমলীয়া কলি,
নাই ভৱিষ্যত, নাই সপোন,
অকাল দৰিদ্ৰতাই কোঙা কৰিছে।
নাই সিহঁতৰ কোনো আপোন।
ভোকৰ তাড়নাত,
পেটৰ যন্ত্ৰনাত,
অন্নৰ সন্ধানত
ৰাজপথৰ ডাষ্টবিন খুচৰিছে।
শীতৰ সেমেকা নিঁয়ৰ,
গ্ৰীষ্মৰ উষ্ম পোহৰ ,
সকলো সিহঁতৰ বাবে অনুৰূপ
এয়াই জানো প্ৰকৃতিৰ প্ৰকৃত ৰূপ ??
✍️আজিজুৰ ৰহমান
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ