পাহাৰী কন্যা~মৰমী বৰা

হিম প্ৰবাহিনী 
মূৰ্চ্ছনা ধব্বনি 
       ক'লৈ যোৱা 
       ঠিকনা বিহীন গতি!
শিলে শিলে ঠেকা খাই 
বিজুলী ডেউকা মেলি 
পাহাৰী কন্যা জনী 
       লাজৰে উৰণী টানি 
        ধীৰ প্ৰবাহিনী 
        পাহাৰী নিজৰাজনী 
তোমাৰ হৰিণী নয়না যুৰি 
মোৰ মন যেন  উন্মনা কৰি 
     দুয়োপাৰে কাজল বুলাই 
      সেউজী বনানী  দলিচাখনি 
তুমিয়ে মোৰ মনৰ চঞ্চলা জনী।
তোমাৰে বাবে ৰাখিছোঁ যতঁনে 
এটি নাম সাঁচি--------
         তোমাৰ ত্বৰাণ্বিত দেহত 
         উজ্জ্বল জোনাকৰ পোহৰত 
মণি-মুকুতাৰ ৰহন সানি 
সৰ্পিল গতিৰে 
                অবাধ গতি। 

সমাপ্ত ৷৷
🖋️মৰমী বৰা
     কাৰ্বি আংলং

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send