ভোট জলকীয়া~কবিতা-হেমেন হাজৰিকা

©Admin
0
নিজৰ অক্ষমতা ঢাকিবলৈ
শিয়ালে ক'লে...
আঙুৰবোৰ টেঙা  ||

বাঘে শিয়াল গধূলিতে
পঁজালৈ গৈ
বাকীত মঙহ খোজে
শিয়ালীৰ পৰা  ||

নোম টেঙৰ ফেউৰাই
জাননী দি যায়
হ'ল বা নহ'ল
তাৰ কি যায়  ||

শিয়াল -- আঙুৰ
বাঘ -- শিয়াল -- মঙহ
ফেউৰাৰ জাননীত
আকাশত মড়ল বহিল  ||

ৰ'দ বেছি নে
বৰষুণ কম হ'ব
ইন্দ্ৰ বৰুণে
প্ৰস্তাৱ গ্ৰহণ কৰিব  ||

      
✍️হেমেন হাজৰিকা
মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)