ফাগুন~অনুভৱ-ভাগ্যশ্ৰী পাছনি

©Admin
0
ফাগুনৰ কথা ভাবিবই নোৱাৰি , ফাগুন মানেই হৃদয় পৰশা এজাক শীতল বতাহ। ফাগুন বৰ ই অভিমানী। শীতৰ লঠঙা হোৱা গছৰ ডালে ডালে সেউজীয়া ৰং, বোলাই দিয়েহি...। ফাগুন মানেই শিমলু , পলাশ , মদাৰৰ তলসৰা সুগন্ধি।
       ফাগুন প্ৰিয় মোৰ , শুকান মাটিত খামুচি নতুনকৈ ফুলিবলৈ কেৱল ফাগুনেহে শিকাই। ফাগুনৰ সৰাপাতে দি যায় মনত এক নতুনত্বৰ আগমন। ফাগুনৰ উন্মদনাই হেজাৰ খলকনি ঢৌ তোলে মনত। ফাগুন ভালপালেই নহব ! ফাগুনৰ ধুমুহা ও ভাল পাব লাগিব।
          পলাশ শিমলুৰ দৰেই ফাগুনেও উকা মন ৰঙীন কৰি যায়। উতনোৱা ফাগুনৰ পলাশৰ ৰঙেৰে তুমি ৰাঙলী হোৱা।
ফাগুন...পাৰ যদি মোক সেই সোণোৱালী শৈশৱ বোৰ উভতাই দে।
লৈ যা মোৰ দুখ , চকুপানী বোৰ সৰাপাতৰ দৰে উৰুৱাই লৈ যা অজান দেশলৈ।
         ফাগুনে কঢ়িয়াই আনে ৰং , সুবাস , নতুনত্ব। পলাশ শিমলুয়ে দি যায় অজান দেশৰ বতৰা। ফাগুনৰ ফাকুৱাই দি যায় সকলোৰে মনত অনাবিল আনন্দ। দেহ মন জুৰুৱা পছোৱা জাকে স্বস্তিৰ নিশ্বাস পেলাই কাণে কাণে কৈ যায় বহুতো কথা।
           অভিমানী ফাগুনে লঠঙা ডাল বোৰৰ সৰাই , পলাশ শিমলুৰ সুবাস , ৰঙেৰে পৰিপূৰ্ণ নতুন সেউজীয়া দি যায়।
        আবিৰ সনা ফাগুনৰ ক্ষণ বোৰলৈ এতিয়া অধিৰ আগ্ৰহেৰে অপেক্ষা কৰিছোঁ। ফাগুনেই দি যায় পুৰণিক পাহৰি নতুনক আদৰি লোৱা আগজাননী।
                "ফাগুন এতিয়া তোমাৰ অপেক্ষাত"

✍️ভাগ্যশ্ৰী পাছনি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)