লখিমী~অণুগল্প-পম্পী দুৱৰা

বজাৰৰ পৰা আহি থাকোতে হঠাতে গাড়ীৰ ষ্টাৰ্ট বন্ধ হৈ যোৱাত গাড়ীৰ পৰা নামি আহিল শান্তনু আৰু প্ৰিয়া।গাড়ী খন ষ্টাৰ্ট কৰিবলৈ চেষ্টা কৰি থকাত হঠাতে কেচুৱাৰ কান্দোন শুনা পালে।প্ৰিয়াইয়ো কান্দোন শুনি ইফালে সিফালে চাবলৈ ধৰিলে ।শান্তনুৰ চকু এপাকত ওচৰত থকা ডাষ্টবিনটোত পৰিল ।দেখিলে কাপোৰৰ টোপোলা এটা লৰ -চৰ কৰি আছে।লৰালৰিকৈ টোপোলা টো তুলি আনি দেখিলে এজনী মৰমলগা পানী কেচুৱা।প্ৰিয়াই দুহাত মেলি সাৱটি ললে।শান্তনুৱে স্থানীয় মানুহ আৰু প্ৰশাসনক খবৰ দিলে ।তিনিদিন ধৰি অনুসন্ধান চলাই কেচুৱাটোৰ কোনো পৰিয়াল পৰিচয় নোপোৱাত শান্তনু আৰু প্ৰিয়াই  সন্তানটো আইনৰ জৰিয়তে নিজৰ কৰি ললে।বিয়াৰ ১২ বছৰ পিছতো  সন্তানৰ মুখ নেদেখাত দুয়োৰে মনত বহুত দুখ আছিল।আজিৰ পৰা যেন সেই দুখৰ পৰা মুক্তি পালে ।ভগৱানে যেন তেওঁলোকৰ প্ৰাৰ্থনা শুনিলে।প্ৰিয়াই চুমাৰে উপচাই পেলালে ।কণমানি জনীয়ে প্ৰিয়াৰ আঙুলি এটাত খামুচি ধৰি যেন মাতৃৰ মৰমৰ সঁহাৰি জনালে ।প্ৰিয়াৰ চকুৱে মুখে ফুটি উঠিল প্ৰাপ্তিৰ  মিঠা হাঁহি ।শান্তনু ৱে কণমানি জনীক কোলাত লৈ ক'লে- "আমি সন্তান বিচাৰি  হাবাথুৰি খাইছিলো আৰু কোনোবাই পাইয়ো ডাষ্টবিনত কুকুৰ আহাৰ হবলৈ এৰি গল ।হায় !মানৱতা ।তাইৰ নাম হব -বিষ্ণুপ্ৰিয়া  অৰ্থাৎ লক্ষ্মী দেৱী ।আমাৰ ঘৰৰ লখিমী। শান্তনুৱে কণমানি জনীৰ কপালত আলফুলে আঁকি  দিলে এটি চুমা- মাজনী এইয়া লখিমীলৈ দেউতাৰ প্ৰথম উপহাৰ। 

✍পম্পী দুৱৰা ।
শিৱসাগৰ, নামতি

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send