অস্পৃশ্য~গল্প-সন্দিপনি তাছা

©Admin
0
 " চাৰ আপুনি ৰেষ্ট লৈ আহঁক ইয়াত আমি চম্ভালি ল'ম যোৱা দুদিনত আপুনি ঘৰলৈ নাম মাত্ৰহে গৈছে,"।  ডি, এছ পি, বৰাই মোক অনুৰোধ কৰিলে । তেওঁ কোৱা কথাটোও সচাঁ । মই যোৱা দুদিনে গা - ধুবলৈ আৰু আহাৰ খাবলৈ যোৱাৰ বাদে অকণমান সময়ো  ঘৰত কটোৱা নাই। প্ৰথম দিনা  ৰুমীয়ে ফোন কৰিছিল কিন্তু আজি নাই কৰা। ল'ৰা-ছোৱালী দুটাইও ফোন কৰি ঘৰলৈ মাতিছিল কিন্তু উপায় নাই। যাব নোৱাৰি, বেয়াকৈ কামত ফচি আছোঁ।

      যোৱা দুদিনত যিমান বোৰ কেছ হৈছে মইতো বাদেই স্বয়ং  মুখ্যমন্ত্ৰীয়েই ফোন কৰি তত পোৱা নাই। সচৰাচৰ মুখ্যমন্ত্ৰীৰ অফিচৰ পৰা কাচিৎহে ফোন আহে কিন্তু এইকেইদিন ঘনাই আহিছে। সচাঁ কথা ক'বলৈ গ'লে প্ৰায় প্ৰতি ছয় ঘণ্টামানৰ মূৰে মূৰেই ফোন আহিছে। তদুপৰি স্থানীয় বিধায়ক আৰু সাংসদৰ ফোন কল খিনি আছেই। ডি,চি, বাইদেউয়েও শান্তি পোৱা নাই। পাবও কেনেকৈ? ইমান ডাঙৰ কেছত শান্তি দৰাচলতে পাবই নালাগে তথাপিও।

      " চাৰ কি ভাবি আছে? আপুনি ৰেষ্ট লওক গৈ চাৰ। আমি ইয়াত চম্ভালি ল'ম", বৰাই আকৌ ক'লে। " হয় চাৰ আপুনি যাওক গৈ ৰেষ্ট লওক," বৰাৰ লগতে অন্য এজনেও যোগ দিলে। " সচাঁকৈ চম্ভালি লবা নহয় , আৰু কোনো ৰিপ'ৰ্টাৰক ভিতৰলৈ আহিবলৈ নিদিবা বা কোনো উত্তৰো নিদিবা ," মই এবাৰ সুধি চালোঁ সকলোকে" চিন্তা নকৰিব চাৰ আমি চম্ভালি ল'ম। আৰু কোনো বাহিৰা ৰিপ'ৰ্টাৰক  জাতীয় মানুহক  সোমাবলৈ নিদিওঁ। আপুনি খালী ৰেষ্ট লওক গৈ," বৰাই মই কোৱাৰ লগে লগেই উত্তৰত ক'লে । " ঠিক আছে তেন্তে মই যাও খালী ফৰেনচিক ৰিপোৰ্ট অহাৰ লগে লগে ফোন কৰিবা "‌ মই ওলাই আহিলো। গাড়ী ইতিমধ্যে সাজু হৈ আছিল। " এতিয়া কিয় আহিলা আৰু দুদিন লৈ অফিচতে  থাকিব লাগিছিল" মোক সোমাই যোৱা দেখি ৰুমীয়ে গাত লগাকৈ ক'লে। মই একো নকলো । এনে সময়তে মই সাধাৰণতে একো নকও। তাই দুৱাৰ খন খুলি দি নিজে ভিতৰলৈ সোমাবলৈ লওঁতেই পিছফালেদি তাইক সাৱটি  ধৰিলো"। ছি : ছি : কালিৰ লেতেৰা জোৰেই সৈতেই মোক সাৱটি ধৰিলা। উহুঁ যোৱা গা ধুবাগৈ যোৱা," । তাই মোৰ বাহু বন্ধনৰ পৰা মুক্ত হৈ ক'লে। আৰু হাঁহি হাঁহি পাকঘৰ লৈ গ'ল। সচাঁই লেতেৰা হৈছেনে মই এবাৰ গোন্ধ লৈ চালোঁ। নাই গোন্ধোৱা দেখোন। কালি সনা পাৰফিউমৰ গোন্ধহে আছে।

        ‌বেড ৰুমৰ ছোফা খনত বাগৰ দিলোঁ। হ্ৰস্ব ম্যাদী টোপনিৰ বাবে ছোফা সৰ্বোত্তম। চকু মুদিলোঁ। মিনিটৰ পিছত মিনিট পাৰ হৈ গৈছে কিন্তু টোপনিয়ে দৰ্শন দিয়া নাই। উপায় নাই আৰু। টিভি টো অন কৰিলোঁ। কেবোল কানেকচন লগৰটোৰ বিজনেছ, তাৰ‌ বেয়া নালাগিব কৈ এইটো টিভিত কানেকচন লৈ থৈছোঁ। অন হোৱাৰ লগে লগেই নিউজ চেনেলটো লাগিল। প্ৰথমবাৰৰ বাবে মই নিউজ চেনেলত কিবা ইন্তাৰেষ্টিং প্ৰগেম দেখিলোঁ।  লাইভ কাহিনী শুনোৱাৰ প্ৰগেম এটা আৰম্ভ হ'ব এতিয়া । জনাকীৰ্ণ এক হলৰ পৰা লাইভ দেখুৱাই আছে হষ্টৰ আহ্বানত ষ্টেজ লৈ উঠি আহিল মোৰ প্ৰিয় ৰহস্য লেখক শ্ৰী হীৰক বৰা । সম্পূৰ্ণ শীত কালীন পোছাক পৰিধান কৰি। হাতত হাত মোজা পৰ্যন্ত পিন্ধি আছে। অলপ সময় ভাষণ দিয়াৰ পিছত তেওঁ কাহিনী আৰম্ভ কৰিলে।
      
     " সিদিনা ৰাতিৰ সাঁজ খাই শইকীয়া চাহাবে আৰাম কৰি আছিল। প্ৰত্যেক দিনাৰ দৰেই। শীতৰ ৰাতি কুঁলীৰ টোপাল  বোৰ টিন পাতৰ পৰা সৰিছিল। টোপ,,,,,টোপ,,,,, আৰু এই শব্দই সৃষ্টি কৰিছিল এক জয়া পৰিৱেশৰ । বাহিৰত গাৰ্ডেনত পোহনীয়া কুকুৰ কেইটাক দৌৰা ঢপৰা কৰি আছিল। আৰু মাজে মাজে দীঘলীয়া সুৰেৰে চিঞৰি ছিল। গাৰ্ড কেইজনেও কুকুৰ কেইটাক আৰু গালি নাপাৰে । শইকীয়ানী  মানা কৰি থৈছে । টোপনি অহাৰ সময়ত  চিঞৰ বাখৰ থকাৰ বাবে শইকী‌য়াই কুকুৰ কেইটাৰ লগতে শইকীয়ানীকো গালি পাৰিলে।

      পাৰ হৈ যোৱা দিন কেইটাত শইকীয়াই ভালদৰে শুবলৈকে পোৱা নাই ডুবাইলৈ ৰাওনা কৰিবলগীয়া ছোৱালীৰ জাকৰ পৰা বেলেগকৈ থোৱা ছোৱালী কেইজনীক বিচাৰি পোৱা নাই। অকস্মাতে সিহঁত নাইকীয়া হৈ গ'ল। কোনে  নিলেহি? কেনেকৈ নিলে? কোনেও একো আও-ভাও পোৱা নাই। গোপন ব্যৱসায়  গতিকে কাৰো লগত আলোচনা কৰিবও পৰা নাই। শইকীয়াই আকৌ কথাখিনি ভাবিবলৈ লাগিল। তেনেতে কুকুৰ কেইটাই আকৌ ভুকিবলৈ আৰম্ভ কৰিলে। শইকীয়াই অবাইচ মাতেৰে গালি পাৰি গাৰুৰে মূৰটো ঢাকি লৈ পুনৰ শুবলৈ চেষ্টা কৰিবলৈ ধৰিলে। 

       গেটখন খোলাৰ শব্দ হ'ল। কিন্তু কুকুৰ কেইটাই এতিয়া আকৌ ভুকা নাই। গেটখন বন্ধ কৰাৰো শব্দ  শুনিলৈ শইকীয়াই তথাপিও কোনো ভুক- ভুকণি নাই। হয়তো গাৰ্ড  কেইটা সোমাইছে। শান্ত মূহুৰ্তটোত শইকীয়াই গাৰুত মূৰটো গুজি দিলে। চুৰি হোৱাৰ সম্ভাৱনীয়তা বহুত কম শইকীয়াৰ ঘৰত। সকলো টকা- পইচা বেংকতেই আছে। পত্নীৰ যিহেতু আ- অলঙ্কাৰৰ ইমান মোহ নাই গতিকে ঘৰত আ- অলঙ্কাৰো বিশেষ নাই। তদুপৰি গাৰ্ডতো থৈছেই আৰু লগতে কুকুৰে খিনিও আছে। শইকীয়াই নিশ্চিন্ত হৈ চকু মুদি নিদ্ৰা দেৱীৰ কোলাত ঢলি পৰাৰ প্ৰয়াসত মগ্ন হ'ল।
     
     নাই টোপনি অহা নাই শইকীয়াই এবাৰ পত্নী গভীৰ টোপনিত। পত্নী লৈ চাই থাকোতেই খিৰিকীৰ কাষেদি কোনোবা পাৰ হৈ যোৱা যেন অনুভৱ হ'ল। তেওঁ চালে কোনো নাই! উভতি আহি পুনৰ বিছনাত বহিল।  ভিতৰত কাৰোবাৰ খোঁজ  কঢ়াৰ শব্দ হৈছে। এক বাৰৰ বাবে ভুতৰ কথা ভাবি শইকীয়াৰ হৃদয় কঁপি উঠিল।  কিন্তু পিছত মূহুৰ্ততে উঠি ম'বাইলৰ ফ্লেচ লাইট জ্বলাই শব্দৰ উৎস বিচাৰি আগবাঢ়িল।  পাকঘৰৰ পৰা আৰম্ভ কৰি চাদলৈকে তেওঁ বিচাৰি গ'ল। নাই কোনো নাই। চাদৰ পৰা নামি আহোঁতে তেওঁ এটা অদ্ভূত দৃশ্য দেখিলে কুকুৰ কেইটা শুই আছে। কিন্তু সাধাৰণভাৱে নহয় । সন্দেহ হ'ল তেওঁ তললৈ নামি গ'ল।

      কুকুৰ কেইটাৰ মুখৰ পৰা ফেন বাহিৰ হৈ আছে । তেওঁ সংকুচৰে এবাৰ হাতেৰে সিহঁতক লৰাই চালে। নাই এটাও বাচি থকা নাই। সব মৰিল।গাৰ্ড কেইটাইনো একো গম পোৱা নাই নে! সিহঁতেই মাৰি পেলালে। তেওঁ গেটলৈ আগবাঢ়িল। ডাঙৰ গাৰ্ডেন খন পাৰ হৈ গোটৰ ওচৰ পাবলৈ অলপ সময় লাগে। তাহাতক ধমকি দিয়াৰ উদ্দেশ্যৰে তেওঁ অলপ গম্ভীৰ ভাৱে আগবাঢ়িল । কিন্তু গেটৰ পৰা ওলাই যি দৃশ্যৰ তেওঁ সাক্ষী হ'ল সেই দৃশ্যৰ বাবে তেওঁ সাজু নাহিল। 

       গাৰ্ড দুয়োজনৰ মেল খাই থকা আঘাত আছিল শৰীৰত। ডিঙিৰ তলতে মুখৰ আঘাতটো মেল খাই আছিল। মেল খাই থকা চকু, সিহঁতৰ তেজে গেটৰ সন্মুখৰ অংশ ৰাঙলী কৰি তুলিছিল।  অলপ সময় সিহঁতক চাই থকাৰ পিছত আতংকৰ ভিতৰলৈ দৌৰ দিলে।  ভয়ত কণ্ঠ শুকাই গৈছিল। ৰাতিটো সচাঁই জয়াল হৈ পৰিছিল। পত্নী ভিতৰত অকলে আছিল। সেই কথা মনলৈ অহাৰ লগে লগে শইকীয়া আৰু আতংকিত হৈ  পিন্ধি থকা কুৰ্তাটো ঘামত তিতি গৈছিল আৰু কুম্ভ হেন পেটটোত লাগি ধৰিছিল। দৌৰ মাৰি সুমুৱা শইকীয়াই ৰুমৰ ছোফা খনত খুন্দা মাৰি হে যেনে তেনে হে ৰখিল গৈ।

       বিছনালৈ মন কৰিলে। শইকীয়াৰ কান্দোন ওলাই আহিল । পত্নীৰ তেজেৰে তুমুৰলি হৈ আছিল বিছনাখন। পত্নীৰ হাত দুয়োখন বিছিন্ন হৈ আছিল। বগা হাড় ডাল কাটি থোৱা দেখা পাইছিল তেওঁ। ডিঙিৰ তলত কাটিছিল গাৰ্ড কেইটাতকৈও দ কৈ। ৰাজহাড়ৰ ওচৰলৈকে চকু জপাই থৈছিল। শইকীয়াই কান্দি কান্দি ভাগি পৰিল । মজিয়াত মূৰটো গুজি তেওঁ কান্দিবলৈ ধৰিলে।
     ' কি কৰিলি!  মোক সুধিছ সেই কথা? মোক নিজক সোধ এহ: বাদ দে এতিয়া নুসুধিবি নিজক বাদ দে এক ৰহস্যময়ী কণ্ঠই শইকীয়াৰ উত্তৰ দিলে আৰু উত্তৰ সম্পূৰ্ণ কৰাৰ লগে লগেই শইকীয়াই চিৎকাৰ কৰি উঠিল।  শইকীয়াৰ ডিঙি পাৰ হৈ কিবা জোঙা বস্তু এটা সোমাই গৈছিল।  এটা কলম বিদেশী কোম্পানীৰ কলম খুব সম্ভৱ ফ্ৰান্সৰ কোম্পানীৰ। শইকীয়া বাগৰি পৰিল। এইবাৰ সেই ৰহস্যময়ী ব্যক্তি  শইকীয়াৰ  সন্মুখত সাজু হ'ল। উলৰ হাত মোজা পৰিহিত মানুহজনৰ মুখখনো ঢাক খাই আছিল মাস্ক আৰু টুপী ৰে। কেৱল মাথোঁ চকুজুৰি ওলাই আছিল।  কিন্তু তীক্ষ্ণ চকু জুৰি লৈ শইকীয়া চাব পৰা নাছিল।

       মানুহজনে শইকীয়াৰ দুয়ো হাতত নিজ আঁঠুৰে হেঁচা দিলে। আৰু বাওঁ হাতেৰে চুৰি এখন উলিয়ালে।‌ সতেজ তেজেৰে সেইখন এতিয়াও তুমুৰলি হৈ আছিল। চুৰি খন শইকীয়াৰ ডিঙিত বহুৱাই ধীৰে ধীৰে ৰেপ দি গ'ল। যেতিয়া লৈকে শইকীয়াৰ শৰীৰ আৰু সিৰ আৰু দুটা ভাগত বিভক্ত নহ'ল তেওঁ ৰেপ দি থাকিল। শইকীয়াৰ উষ্ম তেজেৰে তেওঁৰ স্নান কৰি আছিল। সিৰ আৰু শৰীৰ ভিন ভিন হৈ পৰাৰ লগে লগে তেওঁ শইকীয়াৰ সিৰৰ অংশ লৈ ওলাই আহিল। বাওঁ হাতৰ হাত মোজা পাত দুৰ্ঘটনা বনত: তাতে পৰি ৰল। তথাপিও তেওঁ উভতি নগ'ল।বৰঞ্চ আগবাঢ়িল গেটৰ ওচৰলৈ। চিকিউৰিটি গাৰ্ড দুজনৰ দেহৰ মাজত শইকীয়াৰ কাটি অনা মূৰৰ অংশ থৈ তেওঁ আঁতৰি গ'ল বিলীন হৈ গ'ল অন্ধকাৰৰ বুকুত।"

       এনেতে হীৰক বৰাক কণ্ঠৰ স্তব্ধ হ'ল। মিউজিক বেকগ্ৰাউণ্ডত চলি আছিল। যিয়ে কাহিনীটোক পূৰা মাত্ৰাই বিশ্বাসযোগ্য কৰি তুলিছিল। হঠাৎ অন্ধকাৰ আঁতৰাই লাইট হীৰক বৰাৰ ওপৰত পৰিল। বাওঁ হাতত ধৰি থকা কাহিনীটো তেওঁ সোঁ হাতত ল'লে আৰু তলত সৰি পৰা পেনটো বাওঁ হাতেৰে বুটলি ললে। হাতত হাত মোজা আছেই কেমেৰাৰ ফকাচ তেওঁৰ ওপৰতে আছিল। ফ্ৰান্সৰ এক দামী ব্ৰেণ্ডৰ পেন সেইয়া। জাউৰিয়ে জাউৰিয়ে পৰা হাত চাপৰি ৰে হ'ল ঘৰ ৰজন-জনাই গ'ল। হীৰক ডাঙৰীয়াই তেতিয়াই এক হাঁহি মাৰিলে। কিন্তু এক কুটিল ধৰণৰ হাঁহি। আৰু অলপ পিছতেই এক প্ৰচণ্ড শব্দ হ'ল। লাইভ সম্প্ৰচাৰণ কৰি থকা স্ক্ৰীন খনত কেৱল মাথোঁ ক'লা ৰঙৰ পৰ্দা দেখা গৈছে। 

     ফোনটো ৰিং হৈছে।  মই টিভি অফ কৰি ৰিৰ্চিভ কৰিলোঁ বৰবৰাৰ ফোন"। হেল্লো চাৰ ফ্ৰ
ফৰেন্সিক ৰিপোৰ্ট আহিল।  সেই বাওঁ হাতৰ হাত মোজা আৰু ফ্ৰান্সৰ পেন টোৰ ৰিপোৰ্ট আহিছে।  মালিক একেজনেই গ্ৰেপ্তাৰ কৰিব লাগে। আপুনি সোনকালে আঁহক চাৰ। দোষীৰ নাম বৰবৰাৰ কথা কৈ থকাৰ মাজত মই বাধা দি কলো", মই গৈ আছোঁ। অৱশ্যে এতিয়া আৰু আমাৰ বিশেষ একো নাই সব হৈ গৈছে"
মই ফোনটো কাটি ড্ৰেচ কৰিবলৈ ধৰিলোঁ।

✍সন্দিপনি তাছা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)