ক্ষণে ক্ষণে বৈ যায়
জীৱনৰ দীৰ্ঘশ্বাস
ভালপোৱাৰ বন্ধনত
বন্দী হয় মন
অটল বুকুৰ গহবৰত
প্ৰেয়সীয়ে খেলা কৰে
প্ৰেম হৃদয়ত জমা কৰি লৈ
জীয়াই থাকিব বিচাৰে
য'ত পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ সৌন্দৰ্য
বিচাৰে মাথোঁ প্ৰেম
ভালপোৱাৰ সিক্ত স্নানত
শুদ্ধ হ'ব বিচাৰে ,কিন্তু
নষ্ট হৈ যায় আত্ম বিশ্বাস
নষ্ট হৈ যায় বসতিৰ প্ৰেম
জগতত অভাৱৰ প্ৰেম
এতিয়া প্ৰেমৰ অভাৱ
হঠাতে খেলা কৰি যায়
জীৱনৰ খেলা ঘৰত
অন্তৰৰ ৰক্তকণিকাবোৰ
হৈ পৰে অনন্ত বিষাদত
প্ৰেমৰ পূৰ্ণতা যদি থাকে
মানৱতাৰ মাজত
জীয়াই থকাটোওঁ দীৰ্ঘ হয় জীৱনত
নলৰে কেতিয়াও প্ৰেমৰ খুটি
বতাহৰ তপত যন্ত্ৰণাত।
✍হাইছ উদ্দিন আহমেদ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ