মন সাগৰত তোমাৰেই নাম~চন্দন দাস

Rinku Rajowar
0
 তুমি মোক   বেয়া পোৱা
             মই  জানো
     তুমি মোক   ঘৃণ কৰা
             মই  জানো ।

  তোমাৰ প্ৰেমৰ পৰশত মোক
     ধন্য হ'বলৈ নিদিয়া
         সেয়াও মই জানো ।

তোমাৰ বাগিছাৰ ফুল জোপাৰ
    মৌ চুহিব গ'লেই
সেয়া নিকৃষ্ট অপৰাধ বুলি ভবা
      সেয়াও মই জানো ।

  কিন্তু, তুমিটো নাজানা 
  মোৰ উশাহত বৈ আছে 
   তোমাৰ প্ৰেমৰ সত্ত্বা ।

মোৰ হৃদয়ত বলে তোমাৰ
প্ৰেমৰ ঘূৰণী বতাহ
তোমাৰ চাওনীত উজ্বলি উঠে 
    মোৰ দুচকু 
তোমাৰ মৰমত নাচি উঠে 
মোৰ হাঁহিৰ ঢৌ 

মোৰ মন সাগৰত বৈ আছে
   তোমাৰেই নাম ।

      🖋️  চন্দন দাস 
বাক্সা জিলাৰ ( নিকাছি)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)