দালচেনিৰ ব্যৱহাৰ আৰু ইয়াৰ গুণাগুণ

©Admin
0
 
আপোনালোকে প্ৰায়ে মাছ মাংসৰ ব্যঞ্জন প্ৰস্তুত কৰোতে ইয়াৰ সোৱাদ বঢ়াবলৈ দালচেনি ব্যৱহাৰ কৰে । দালচেনি হ'ল একপ্ৰকাৰৰ উষ্ণ তথা উত্তেজক মছলাযুক্ত খাদ্যসামগ্ৰী যাক প্ৰাকৃতিকভাৱে ইয়াৰ গছৰ ছালৰ পৰা পোৱা যায় । শ্ৰীলংকা তথা দক্ষিণ ভাৰতত দালচেনি প্ৰচুৰ পৰিমাণে উৎপাদন কৰা হয় । সুগন্ধিত আৰু সোৱাদযুক্ত দালচেনিক খাদ্যগুণযুক্ত মছলাসমূহৰ ভিতৰত এক উত্তম স্থান দিয়া হৈছে । খাবলৈ চাহ বা কফি তৈয়াৰ কৰাৰ সময়ত তাত দালচেনি মিহলাই দিলে সোৱাদ দুগুণে বাঢ়ে আৰু জ্বৰ কাহ আদিত ইয়াক সেৱন কৰিলে আৰাম পোৱা যায় । মেক্সিকোত দালচেনি চকলেট তৈয়াৰ কৰা প্ৰণালীত ব্যৱহাৰ কৰা হয় । জানো আহকচোন দালচেনিৰ কেইটামান স্বাস্থ্যসম্বন্ধীয় উপকাৰী দিশৰ বিষয়ে.....
(১) মধুমেহ ৰোগত আক্ৰান্ত ব্যক্তিসকলৰ বাবে দালচেনি লাভজনক । মধুমেহ ৰোগীসকলৰ বাবে তৈয়াৰ কৰা ভোজনত এক চামুচ দালচেনি পাউদাৰ মিহলাই দিলে তেওঁলোকৰ শৰীৰত ৰক্তশৰ্কৰাৰ পৰিমাণ ১৮ৰ পৰা ২৪% লৈ কমি যায় ।
(২) দালচেনি উষ্ণ হোৱাৰ বাবে শীতকালত ইয়াৰ অধিক প্ৰয়োগৰ দ্বাৰা জ্বৰ-কাহ আৰু জাৰৰ প্ৰকোপৰ পৰা ৰক্ষা পাব পাৰি ।
(৩) দালচেনিয়ে পাচনতন্ত্ৰ সুস্থ কৰি ৰাখে । ইয়াৰ লগতে ই দাঁতৰ সমস্যাবিলাকৰ ক্ষেত্ৰতো উপযোগী ।
(৪) দালচেনি তেলৰ কেইটামান টোপাল কাণত দিলে কাণেৰে কম শুনা ব্যক্তিসকলৰ সমস্যা দূৰ হয় ।
(৫) ২ চামুচ মৌজোল আৰু দালচেনিৰ পাউদাৰ সমপৰিমাণে লৈ গৰম পানীত মিহলাই সেৱন কৰিলে কিছুসময়ৰ পাছতে শৰীৰৰ বৰ্ধিত কলেষ্টৰল কম হৈ পৰে । এই মিশ্ৰণ দিনটোত ২ৰ পৰা ৩ বাৰ সেৱন কৰা উচিত । শৰীৰৰ বৰ্ধিত মেদ কমোৱাৰ ক্ষেত্ৰতো এই নিয়ম প্ৰয়োগ কৰিব পাৰি ।
(৬) দালচেনি হৈছে মেংগানিজৰ সম্ভাৰ । ই স্মৃতিশক্তি বৃদ্ধি কৰে । সেয়ে শিশু,মহিলা আৰু মানসিক শ্ৰম কৰা ব্যক্তিসকলে ব্ৰেডত অলপ মাখন বা মৌজোল লগাই ইয়াৰ সৈতে আধা চামুচ দালচেনিৰ পাউদাৰ মিহলাই পুৱা-গধুলি খোৱা উচিত ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)