নিস্তব্ধ নিশাৰ উচুপনি~চুমিন্দ্ৰ চৌধুৰী

( সত্য ঘটনাৰ আলম লৈ কাল্পনিক চৰিত্ৰৰ আধাৰত ............)

২০১৪ চনৰ চেপ্তেম্বৰ মাহৰ কথা ৷ অভিনৱ তেতিয়া জেচিবি কোম্পানীৰ গুৱাহাটীৰ ৰিজিওনেল অফিছত ৰিজিওনেল হেভিলাইন মেনেজাৰ হিচাবে কৰ্মৰত আছিল ৷
  সেই দিনাখন মেঘালয়ৰ লুমচুলঙৰ পৰা কিছু দূৰৈৰ পাহাৰৰ মাজত থকা চূণশিল খনিত এখন মেচিন পৰিদৰ্শন কৰি অভিনৱ সন্ধিয়া গ্ৰীণভেলী চিমেণ্টৰ গেষ্ট হাউছ লৈ উভতি আহিল ৷ কিন্ত যোগাযোগ ব্যৱধানতাৰ কাৰণে সেইদিনা গেষ্ট হাউছত অভিনৱৰ কাৰণে থকাৰ  ব্যৱস্থা নহ'ল ৷ উপায়ান্তৰ হৈ অৱশেষত সি গ্ৰীণভেলী চিমেণ্ট কোম্পানীৰ ছৌহদটোৰ পৰা এক কিলোমিটাৰ মান দূৰৈত থকা  হোটেল 'গ্ৰীন হাট'ত উপস্থিত হ'ল ৷ সাত মান বজাত হোটেল পাই অভিনৱে ডীলাৰৰ ব্ৰান্স মেনেজাৰ দ্বীপেনক থবলৈ  ড্ৰাইভাৰ জয়দেৱক তাৰ গাড়ীখনেৰে খিলেৰিহাটলৈ পঠিয়াই দিলে ৷ সেই সন্ধিয়া  আঠমানবজাত বজাত গা মুৰ ধুই আজৰি হোৱাৰ পাছতে সি দিয়া নৈশাহাৰৰ আমন্ত্ৰণ ৰক্ষা কৰি গ্ৰীণভেলী চিমেণ্টৰ মেইনটেনেন্স মেনেজাৰ মি: সিনহা আহি হোটেল 'গ্ৰীনহাট' ত উপস্থিত হ'ল ৷ সেই নিশা প্ৰায় এঘাৰ মান বজালৈ নানান কথাৰ আড্ডা পিটি মি: সিনহা যোৱাৰ পাছত অভিনৱ ভাগৰত লালকালহৈ বিচনাত বাগৰ দিলে ৷ দিনটোৰ কঠোৰ পৰিশ্ৰমৰ কাৰণে অভিনৱ তৎক্ষনাত গভীৰ নিদ্ৰাত লালকাল   দিলে ৷
হঠাত মাজৰাতি দুপ্ দুপ্ শব্দত অভিনৱৰ টোপনি ভাঙিল ৷ বোধহয় লোড চেডিঙৰ নামত বিদ্যুত সংযোগ বিচ্ছিন্ন হৈ থকাৰ কাৰণে চাৰিও ফালে অন্ধকাৰ পৰিবেশ হৈ পৰিছিল ৷টোপনি ভঙাত তাৰ খুব পিয়াহো লাগিছিল ৷ বোধহয় নৈশ আহাৰত  বিৰিয়ানী খোৱাৰ বাবেই সি তৃষ্ণাতুৰ হৈ পৰিছিল ৷ 
ঘিটমিট আন্ধাৰত অভিনৱে বিচনাৰ পৰা উঠি গৈ খেপিয়াই খেপিয়াই  চাৰ্জত লগাই থোৱা মোবাইলটো বিচাৰিব ধৰিলে ৷ অৱশেষত ভেন্টিলেটৰেদি সোমাই অহা হোটেলৰ সন্মুখৰ  ৰাষ্ট্ৰীয় ঘাইপথৰে পাৰ হৈ যোৱা  এখন ট্ৰাকৰ পোহৰত  সি কোনোমতে মোবাইলটো বিচাৰি পালে ৷
সি মোবাইলত থকা টৰ্চৰ পোহৰত দৰ্জাখন খুলি হোটেলৰ ৰিচেপচনত কাকোৱেই নেদেখিলে  ৷ দুমহলীয়া হোটেলখনৰ তলৰ মহলাত ৰিচেপচন কাউন্টাৰটোৰ সতে মাত্র পাচটা কোঠালী আছে ৷  টৰ্চৰ পোহৰত পাঁচোটা কোঠাৰ দুৱাৰত ওলমি থকা দেখি তলা কেইটাৰ পৰা বুজিব পাৰিলে যে তলৰ মহলাটোত সিয়েই একমাত্ৰ আবাসী ৷ পিয়াহত আতুৰ হৈ পৰা কাৰণে সি টৰ্চৰ পোহৰকে সাৰথি কৰি ওপৰৰ  মহলাত গৈ হোটেলৰ কৰ্মচাৰী অথবা অন্য আবাসীৰ সন্ধান লবলৈ আগবাঢ়ি গ'ল ৷ ওপৰৰ মহলাত কোনোবাই নাক বজাই শুই থকাৰ শব্দ কানত পৰা ত অভিনৱে কাৰোবাক পাই যাব বুলি এক প্ৰকাৰ নিশ্চিত হৈ পৰিছিল ৷ 
    পাছে  তলৰ মহলাৰ এমুৰৰ চিড়ি খনেদি ওপৰৰ মহলালৈ গৈ অভিনৱ শিহৰিত হৈ পৰিল ৷ ওপৰৰ মহলাটো সম্পূৰ্ণ ধুলিমাকতিৰে  পোত খাই আছিল ৷ ওপৰৰ মহলাৰ ছটা কোঠাৰ দুৱাৰত উলমি থকা তলা কেইটাৰ পৰা সি বুজিব পাৰিলে যে গ্ৰীনহাট হোটেল খনৰ সেই নিশাটিৰ সিয়েই একমাত্ৰ আবাসী ৷ এক  মুহূৰ্তৰ কাৰণে অভিনৱৰ গাটো কিবা এক অনাকাংক্ষিত উৎকন্ঠাত চেঁচা পৰি গ'ল ৷ সি যিমান পাৰে বুকু ডাঠ কৰি তলৰ মহলালৈ নামি আহি নিজৰ কোঠাত সোমাই দুৱাৰৰ খিলিটো ভালদৰে লগাই ল'লে ৷ উৎকন্ঠাত তাৰ পানীৰ পিয়াহ কেনিবা পলাল ৷ সহজ হবলৈ সি লেপটপটো চলাই বিচনা খনতে বহি দিলে ৷ ঠিক তেতিয়াই কোনোবাই ওপৰ মহলাৰ বেলকণি খনত দুপদুপাই খোজ কঢ়া শুনা পাই সি কিছুসময়ৰ বাবে শিল পৰা কপৌৰ দৰে থৰ লাগি ৰ'ল ৷ লাহেকৈ সি কম্বল খনকে মূৰৰে গাইয়ে মেৰাই বিচনাখনত চেপেটা লাগি পৰি ৰ'ল ৷ মোবাইল ঘড়ীটোলৈ চাই দেখিল ৰাতি একবাজি গৈছে ৷গাৰ কম্বলখনৰ তলৰ পৰাই সি উমান কৰিব পাৰিলে যেন কোনোবাই তাৰ দুৱাৰখনৰ কাষলৈ দুপ্ দুপাই আহি আকৌ উভতি গৈছে ৷ এবাৰ , দুবাৰ , তিনি বাৰ কৈ শুনাৰ পাছত  সাহস কৰি অভিনৱ দুৱাৰখন ওচৰ চাপোতেই দুৱাৰৰ সিপাৰে কাৰোবাৰ হুমুনিয়াহ শুনি সি একেজাপে আহি কম্বলখন মুৰে গাইয়েই  মেৰিয়াই বিচনাত নিঠৰ হৈ পৰি থাকিল ৷ লেপটপৰ স্ক্ৰীনৰ পৰা নিৰ্গত ইষৎ নীলা পোহৰে ৰুমটোৰ পৰিবেশ আৰু  জয়াল কৰি তুলিছিল ৷ কম্বলৰ তলত অভিনৱ জ্বৰ ঘমাদি ঘামিছিল ৷ মোবাইলৰ বেটেৰীৰ চাৰ্জ মাত্র ৫০% বাচি আছে ৷ ৰাতিপুৱাবলৈ আৰু চাৰি ঘন্টামান  বাকী আছে ৷ সেই মাজনিশা উৎকন্ঠাৰে ভৰা প্ৰতিটো মুহূৰ্ত সাহসেৰে সমুখীন হবলৈ সাজু হৈ অভিনৱে  কিবা ভাবি  মোবাইল ফোনত লৈ  দ্বীপেনৰ নম্বৰ টো টিপি দিলে ৷ আচৰিতজনকভাবে মাত্র দুবাৰ ৰিঙ হওঁতেই দ্বীপেনে ফোনকলটো ধৰাত অভিনৱে কোনোমতে খেপ ঢুকি তাক যিমান পাৰে সিমান সোনকালে হোটেল গ্ৰীনহাট পোৱাকৈ মাতি পঠিয়ালে ৷  আহি পালে তাক সকলো বিৱৰি ক'ব বুলি অভিনৱে ফোনটো কাটি দিলে ৷  ফোনটো থোৱাৰ পাছতে দুৱাৰৰ সিপাৰৰ পৰা কোনোবাই খুব কোমল মাতেৰে অ, ছাৰ  বুলি মতা স্পষ্ট কৈ শুনি অভিনৱৰ বুকুখন ধপধপাই গ'ল ৷ সি ৰুমৰ ভিতৰতো চকু দুটা মেলি চাবলৈ সাহস গোটাব নোৱাৰিলে ৷ ৰাস্তাৰে  দুই এখন ট্ৰাক পাৰ হৈ যোৱাক বাদে পৰিবেশটো সম্পূৰ্ণ 
নিমাওমাও হৈ পৰিছিল ৷ আকৌ ওপৰৰ মহলাত কাৰোবাৰ ৰহস্যময় পদ সঞ্চালনৰ শব্দৰ লগতে টোপনিতে নাক বজোৱাৰ দৰে শব্দ  ৷ কেতিয়াবা আকৌ  তাৰ কোঠাৰ দুৱাৰখনৰ সিপাৰৰ পৰা কাৰোবাৰ পৰা হুমুনিয়াহ মৰাৰ শব্দ ৷ মুঠৰ ওপৰত অভিনৱ  ভয়ত আতংকিত হৈ কোনমতে পেপুৱা লাগি লেপখনৰ তলত লৰচৰ নকৰি সোমাই থাকিল ৷ প্ৰায় আধা ঘন্টামান সময় সি তেনেকৈ জঠৰ হৈ পৰি থকাৰ মাজতেই দ্বীপেনৰ ফোন আহিল ৷ নেটৱৰ্কৰ বিজুতিৰ কাৰণে তাৰ কথাখিনি ভাল দৰে অভিনৱে বুজিব নোৱাৰিলে ৷ উভতি সি ফোন কৰাত ফোনটো নেটৱৰ্ক সংযোগ সীমাৰ বাহিৰত বুলি জানিলে ৷ হঠাত কোনোবাই হোটেল চৌহদৰ দৰ্জাখন খোলাৰ শব্দ কানত পৰাত অভিনৱ মনটো অলপ পাতল পাতল লাগিল ৷ সি উঠি গৈ খিৰিকিৰে জুমি চাব বুলি ভাবোঁতেই কোনোবা ছোৱালীয়ে উচুপি উচুপি কন্দা শুনি পুনৰ কম্বলখন মূৰে গাইয়ে ঢাকি নিশ্চল হৈ পৰি থাকিল ৷ 
বহুত কৰুণ উচুপনিৰ শব্দ লাহে লাহে ক্ষীণ হৈ আহিছিল ৷
অৱশেষত বহু প্ৰতীক্ষাৰ অন্তত অভিনৱে এইবাৰ তাৰ জাইলো খন ৰখাৰ শব্দ শুনিলে ৷ ঠিক তেতিয়াই পুনৰ দ্বীপেনৰ ফোন অহাত অভিনৱ আশ্বস্ত  হ'ল যে সম্পূৰ্ণ ৫০ মিনিট সময়ৰ পাছত তাহাঁত খিলেৰিহাটৰ পৰা আহি লুমচুলঙ পালেহি ৷ 
ফোনত দ্বীপেনে হোটেল চৌহদৰ মুল দৰ্জাখনত তলা মৰা আছে কাৰণে অভিনৱক ওলাই আহিবলৈ কলে ৷ অভিনৱে তাৰ ভয়ৰ ভাবটো লুকুৱাই আন্ধাৰত সি ওলাই যাব নোৱাৰিব বুলি জনোৱাত দ্বীপেন আৰু ড্ৰাইভাৰ জয়দেৱ হোটেল চৌহদৰ ৱাল বগাই হোটেলৰ তলৰ মহলাৰ মুল দুৱাৰখনৰ ওচৰলৈ আহি বাহিৰৰ পৰা মাৰি থৈ যোৱা তলাটো ভাঙি ভিতৰলৈ সোমাই আহিল ৷ অভিনৱক হোটেলৰ ভিতৰত তেনেকৈ অকলশৰে তলা মাৰি থৈ যোৱাৰ কাৰণে দ্বীপেন খঙ আৰু হতাশাত টিঙিৰি তুলা হৈ পৰিছিল ৷ অভিনৱেও কিবা অলপ চিন্তা কৰি অলপ আগতে তাৰ সতে ঘটি যোৱা অভিজ্ঞতাখিনি  লুকুৱাই ৰাখি  তাৰ বুকুখনত উঠা এটা অসহনীয় বিষৰ বাবেহে তাহাঁতক মাজৰাতিখন লৰালৰিকৈ মাতি পঠোৱাৰ বাবে ক্ষমা বিছাৰিলে ৷ দ্বীপেনে উলোটাই তাহাঁতক যদি নামাতিলেহেতেন কি কি দুৰ্দশা ঘটিব পাৰিলেহেঁতেন অভিনৱক বুজাই দিলে ৷ অভিনৱে মবাইলৰ ঘড়ীটোলৈ চাই  দেখিলে ৰাতি আঢ়ৈটা বাজ গৈছে, গতিকে তাৰ লগত তাহাঁতকো গ্ৰীনহাটতে ৰাতিটো থাকিব ক'লে ৷ দ্বীপেন, জয়দেৱ আৰু অভিনৱ তিনিওজন একে খন বিচনাত  দীঘল দি ৰাতিটোৰ বাকীকণ সময় পাৰ কৰিবলৈ অপেক্ষা কৰিলে ৷ কথাৰ মাজতে অভিনৱে দ্বীপেনে মাজপথৰ পৰা কিয় ফোন কৰিছিল বুলি সোধাত দ্বীপেনে তাক সি ফোন কৰা নাই বুলি জনালে ৷ তথাপি সি আৰু এবাৰ নিশ্চিত হবলৈ তাৰ ক্লিষ্ট চাই অভিনৱক আহি থাকোঁতে মাজবাটৰ পৰা ফোন নাই কৰা বুলি কলে ৷ অভিনৱে একো উত্তৰ নিদি নিজৰ কল ৰিচিভ কৰাৰ লিষ্টখন চাই হতবাক হৈ পৰিল ৷ দ্বীপেন ফোন নম্বৰৰ সলনি সি তাৰ ককায়েকৰ ফোন নম্বৰটোহে দেখিলে যিজন ককায়েকৰ তিনিবছৰ আগতেই পথ দুৰ্ঘটনাত মৃত্যু হৈছিল  আৰু ককায়েকৰ মৃত্যুৰ পাছতে সেই মোবাইল নম্বৰটো কলসেৱা স্থায়ীভাৱে বন্ধ কৰা হৈছিল ৷ সকলোবোৰ অভিনৱৰ কাৰণে ৰহস্যময় হৈ পৰিছিল ৷ তথাপিও সি দ্বীপেন আৰু জয়দেৱৰ সন্মুখত সহজ ভাবেই অভিনয় কৰি গ'ল ৷ ৰাতিপুৱাই সি গৈ এয়াৰটেল অফিছত গৈ নম্বৰটোৰ সম্ভেদ ল'ব বুলি উৎকন্ঠাৰে বাটচাই এঘুমটি মাৰি লোৱাই যাওঁক বুলি চকু দুটা মুদি দিলে ৷

🖋️চুমিন্দ্ৰ চৌধুৰী,নতুন দিল্লী 

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send