দুহাতেৰে বাও সংগ্ৰামৰ ঢোল
আশা-নিৰাশাৰ সুৰত
সাৰ পাই উঠে
অভিপ্ৰায়ৰ সপোন।
মেঘৰ বুকুত দেখিলো
সূৰুযৰ ধেমালি
বালিত ছবি আঁকোতে হ'ল
ডেউকা পূৰঠ.....
কালান্তৰৰ ভঁটিয়নি সোঁতত
চিনাকী হ'ল সেন্দুৰীয়া পথ।
জীৱন গঢ়া কাৰখানাত
পোহৰ পখিলাৰ পথ প্ৰদৰ্শক
গেৰুৱা হৃদয়ত কঢ়িয়াই লৈ ফুৰো
বাসনাৰ জোলোঙা,
সেউজীয়াৰ অভিবাদন
কুমকুম বুলিয়া ভাষাৰ সুবাস বিচাৰি
ডগ্ মগীয়া হয় মোৰ মন ।।
------------****-------------
🖋️দিব্যজ্যোতি ডেকা।
ছিপাঝাৰ (দৰং)।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ